• Home
  • »
  • News
  • »
  • nation
  • »
  • ৩ মার্চত অসমসহ ৪ ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

৩ মার্চত অসমসহ ৪ ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

২ মার্চত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক।

২ মার্চত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক।

২ মার্চত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক।

  • Share this:
অসমকে ধৰি ৪ ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনক লৈ ২ মাৰ্চত পুনৰ বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় নিৰ্বাচন আয়োগ। তাৰ পাছদিনা অৰ্থাৎ ৩ মার্চ বুধবাৰে নির্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ২ মার্চত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক।

এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ সচিব, Central Board of Direct Taxৰ অধ্যক্ষ, Central Board of Indirect Tax and Customerৰ অধ্যক্ষ আৰু Financial Intelligent Unitৰ মূৰব্বী উপস্থিত থাকিব। বৈঠকত নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত দল আৰু নেতাই টকা, সুৰা তথা অন্য সামগ্ৰীৰে ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈ ল’বলগীয়া পদক্ষেপ সমূহৰ সন্দৰ্ভত আলোচনা হ’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি