உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • বিহুৰ পূৰ্বে অসমত নিৰ্বাচন, ৪ ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণা

    বিহুৰ পূৰ্বে অসমত নিৰ্বাচন, ৪ ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণা

    অসমত ৩৩হাজাৰ টা কেন্দ্ৰত হ’ব ভোটগ্ৰহণ। সকলো ভোটকেন্দ্ৰত গ্ৰাউণ্ড ফ্ল’ৰত স্থাপন কৰা হ’ব ভোটকেন্দ্ৰ।

    অসমত ৩৩হাজাৰ টা কেন্দ্ৰত হ’ব ভোটগ্ৰহণ। সকলো ভোটকেন্দ্ৰত গ্ৰাউণ্ড ফ্ল’ৰত স্থাপন কৰা হ’ব ভোটকেন্দ্ৰ।

    অসমত ৩৩হাজাৰ টা কেন্দ্ৰত হ’ব ভোটগ্ৰহণ। সকলো ভোটকেন্দ্ৰত গ্ৰাউণ্ড ফ্ল’ৰত স্থাপন কৰা হ’ব ভোটকেন্দ্ৰ।

    • Share this:
    বিহুৰ পূৰ্বে অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমসহ চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন।

    ২৭ মাৰ্চত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৯টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৬ এপ্ৰিলত। তৃতীয় পৰ্যায়ত ৪০টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ২ মে’ত হ’ব ভোটগণনা।

    পশ্চিম বংগত ৮টা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১ এপ্ৰিলত দ্বিতীয়, ৬ এপ্ৰিলত তৃতীয়, ১০ এপ্ৰিলত চতুৰ্থ, ১৭ এপ্ৰিলত পঞ্চম, ২২ এপ্ৰিলত ষষ্ঠ, ২৬ এপ্ৰিলত সপ্তম আৰু ২৯ এপ্ৰিলত অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগণনা অনুষ্ঠিত হ’ব ২ মে’ত।

    আনহাতে, তামিলনাডু আৰু কেৰালাত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। কেৰালাত ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ, ভোটগণনা হ’ব ২ মে’ত। তামিলনাডুত ৬ এপ্ৰিলত হ’ব নিৰ্বাচন। ২ মে’ত হ’ব ভোটগণনা।

    পুডুচেৰীতো এটা পৰ্যায়তে হ’ব নিৰ্বাচন। ৬ এপ্ৰিলত ভোটগণনা অনুষ্ঠিত হোৱাৰ লগতে ২ মে’ত হ’ব ভোটগণনা।

    অসমত ৩৩হাজাৰ টা কেন্দ্ৰত হ’ব ভোটগ্ৰহণ। সকলো ভোটকেন্দ্ৰত গ্ৰাউণ্ড ফ্ল’ৰত স্থাপন কৰা হ’ব ভোটকেন্দ্ৰ। ভোটদানৰ সময়সীমা পূৰ্বতকৈ এঘণ্টা বৃদ্ধি কৰা হ’ব। ৮০ৰ ঊৰ্ধ্বৰ নাগৰিকে পোষ্টেল বেলটযোগে ভোট দিব পাৰিব ভোট। সকলো নিৰ্বাচনী বিষয়াক প্ৰদান কৰা হ’ব কোভিড ভেকচিন। কোৰোণাক্ৰান্ত ভোটাৰক স্বেচ্ছাসেৱকে কৰিব সহায়।
    Published by:Sanjay Kumar Das
    First published: