৫০ ৰাউণ্ড পৰ্যন্ত গণনা! বিহাৰৰ চূড়ান্ত ফলাফল লাভ কৰিবলৈ নিশালৈকে অপেক্ষা কৰিব লাগিব, জনালে নিৰ্বাচন আয়োগে

২০১৫ চনত বিহাৰত বুথৰ সংখ্যা আছিল ৬৫ হাজাৰৰ ওচৰা-ওচৰি। কোৰোণাৰ বাবে বুথত ভিৰ কম হ’বলৈ এই সংখ্যা ১ লাখ ৬ হাজাৰলৈ বৃদ্ধি কৰা হৈছিল।
২০১৫ চনত বিহাৰত বুথৰ সংখ্যা আছিল ৬৫ হাজাৰৰ ওচৰা-ওচৰি। কোৰোণাৰ বাবে বুথত ভিৰ কম হ’বলৈ এই সংখ্যা ১ লাখ ৬ হাজাৰলৈ বৃদ্ধি কৰা হৈছিল।
- News18 Assam
- Last Updated: November 10, 2020, 4:02 PM IST
২০১৫ চনত বিহাৰত বুথৰ সংখ্যা আছিল ৬৫ হাজাৰৰ ওচৰা-ওচৰি। কোৰোণাৰ বাবে বুথত ভিৰ কম হ’বলৈ এই সংখ্যা ১ লাখ ৬ হাজাৰলৈ বৃদ্ধি কৰা হৈছিল। অৰ্থাত্ ১ লাখ ৬ হাজাৰ ইভিএমৰ গণনা কৰিব লাগিব এইবাৰ। বিহাৰৰ মুখ্য নিৰ্বাচন আয়ুক্ত এইচ এন শ্ৰীনিৱাসে জনাইছে যে, ‘সাধাৰণতে ২৫ৰ পৰা ২৬ ৰাউণ্ডৰ গণনা হয়। সেই ঠাইত এইবাৰ প্ৰতিটো বিধানসভা কেন্দ্ৰত ৫০ৰ পৰা ৫১ ৰাউণ্ড পৰ্যন্ত গণনা হোৱাৰ সম্ভাৱনা আছে। প্ৰতিটো কেন্দ্ৰত গড়ে ৩৫ ৰাউণ্ডত ভোট গণনা হ’ব পাৰে বুলি জনািছে নিৰ্বাচন আয়ুক্তই। সেয়েহে ভোটৰ চূড়ান্ত ফলাফল লাভ কৰিবলৈ নিশালৈ অপেক্ষা কৰিব লাগিব।’
ইফালে বিহাৰত ভোটগণনা এইপৰ্যন্ত যি হৈছে তাৰ পৰা ক’ব পৰা যায় যে বৃহত্তম শক্তিৰ দাবীদাৰ হোৱাৰ দিশত আগবাঢ়িছে বিজেপি। এনডিএ জোঁট তথা নীতিশৰ দল একপ্ৰকাৰ ম্লান। ইয়াৰ মাজতে যুঁজিছে আৰজেডিয়ে। সংখ্যাগৰিষ্ঠতা কোনে লাভ কৰিব সেয়া এতিয়াই সম্পূৰ্ণ স্পষ্ট নহয় যদিও একক দল হিচাপে বিজেপি আগে আগে গৈ আছে।