• Home
  • »
  • News
  • »
  • nation
  • »
  • Eknath Shinde : মহাৰাষ্ট্ৰত পুনৰ মহা নাটক, মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ সৈতেই শপত ল’লে ফাৰনবিছেও

Eknath Shinde : মহাৰাষ্ট্ৰত পুনৰ মহা নাটক, মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ সৈতেই শপত ল’লে ফাৰনবিছেও

আজি বিয়লি সাংবাদিকৰ আগত ফাৰনবিছে নিজেই জনায়, নতুন মুখ্যমন্ত্ৰী হ’ব একনাথ। ফাৰনবিছে আৰু দাবি কৰিছিল, চৰকাৰৰ অংশ নহয় তেওঁ।

আজি বিয়লি সাংবাদিকৰ আগত ফাৰনবিছে নিজেই জনায়, নতুন মুখ্যমন্ত্ৰী হ’ব একনাথ। ফাৰনবিছে আৰু দাবি কৰিছিল, চৰকাৰৰ অংশ নহয় তেওঁ।

আজি বিয়লি সাংবাদিকৰ আগত ফাৰনবিছে নিজেই জনায়, নতুন মুখ্যমন্ত্ৰী হ’ব একনাথ। ফাৰনবিছে আৰু দাবি কৰিছিল, চৰকাৰৰ অংশ নহয় তেওঁ।

  • Share this:
মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে একনাথ সিন্দেই। উপ–মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী বিজেপিৰ দেৱেন্দ্ৰ ফাৰনবিছে। উদ্ধৱ থাকৰেৰ ইস্তাফাৰ পিছত প্ৰথমে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাৰনবিছৰ নাম শুনা গৈছিল। কিন্তু আজি বিয়লি সাংবাদিকৰ আগত ফাৰনবিছে নিজেই জনায়, নতুন মুখ্যমন্ত্ৰী হ’ব একনাথ। ফাৰনবিছে আৰু দাবি কৰিছিল, চৰকাৰৰ অংশ নহয় তেওঁ। বাহিৰৰ পৰাই একনাথ সিন্দে চৰকাৰক সকলো সহযোগিতা কৰিব তেওঁ।

কিন্তু শপত গ্ৰহণৰ সময় যিমানেই আগুৱাই আহিল, পুনৰ পট পৰিৱৰ্তন হয়। শুনা গৈছে, অমিত শ্বাহ আৰু জে পি নাড্ডাৰ নিৰ্দেশতে মহাৰাষ্ট্ৰৰ উপ–মুখ্যমন্ত্ৰী হ’বলৈ সন্মত হয় ফাৰনবিছ। একনাথৰ সৈতেই উপ–মুখ্যমন্ত্ৰী হিচাপে ফাৰনবিছক শপত বাক্য পাঠ কৰায় ৰাজ্যপাল ভগত সিং কোশ্যাৰীয়ে।

অমিত শ্বাহে নিজেই টুইট কৰি জনায়, জে পি নাড্ডাৰ নিৰ্দেশতে বহল মনৰ পৰিচয় দি মহাৰাষ্ট্ৰৰ মানুহৰ স্বাৰ্থৰ কথা ভাবি চৰকাৰত যোগ দিয়াৰ সিদ্ধান্ত লৈছে দেৱেন্দ্ৰ ফাৰনবিছে। শ্বাহে লিখিছে, ‘‘এই সিদ্ধান্তই মহাৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱৰ পৰিচয় দিয়ে। এই সিদ্ধান্তৰ বাবে হৃদয়ৰ পৰা মই তেওঁক অভিনন্দন জনাইছো।’’ ফাৰনবিছক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়েও।
Published by:Sanjay Kumar Das
First published: