মুখ্যপৃষ্ঠা »খবৰ »দেশ »EIA notification 2020: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা; খচৰা অনুবাদ কৰা নাই অসমীয়া ভাষালৈ 

EIA notification 2020: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা; খচৰা অনুবাদ কৰা নাই অসমীয়া ভাষালৈ 

বিতৰ্কিত ‘Environment Impact Assessment Notification 2020’ৰ সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া অন্ত পৰাৰ সময়তে আন এক তথ্য পোহৰলৈ আহিছে। 

  • Share this:
বিতৰ্কিত ‘Environment Impact Assessment Notification 2020’ৰ সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া অন্ত পৰাৰ সময়তে আন এক তথ্য পোহৰলৈ আহিছে।  জাননী খনৰ সন্দৰ্ভত চৰকাৰে অৱমাননা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। জুনৰ ৩০ তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ে জাননীখনৰ খচৰা ২২টা আধুনিক ভাৰতীয় ভাষাত অনুবাদ কৰিবলৈ নিৰ্দেশ দিছিল ।

কিন্তু তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত প্ৰাপ্ত তথ্য মতে, এতিয়ালৈকে মাত্ৰ তিনিটা ভাষাতহে অনুবাদ কৰা হৈছে খচৰা খন। নেপালী, মাৰাঠী আৰু উড়িয়া ভাষাত অনুবাদ কৰা হৈছে। জনতাৰ মতামত লোৱাৰ সময়সীমা উকলি যাবলৈ ১০ দিনৰো কম সময় আছে আৰু এতিয়ালৈ অসমীয়াকে ধৰি আন ১৯টা ভাষাত অনুবাদ হোৱা নাই খচৰা। ৰাইজৰ মতামত লোৱাৰ সময়সীমা ন্যায়ালয়ৰে নিৰ্দেশ মৰ্মে ১১ আগষ্টলৈকে ধাৰ্য কৰা হৈছে ।

উল্লেখযোগ্য যে পৰিবেশ (সংৰক্ষণ) আইন ১৯৮৬ চনৰ অধীনত এই জাননী খন ৰাইজৰ মতামতৰ কাৰণে জাৰি কৰা হৈছিল। জাননীৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিব বিচৰা নিয়ম সমূহৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে অসমত। এই নতুন নিয়ম অনুসৰি যিকোনো প্ৰকল্পকে চৰকাৰে ‘Strategic’ ঘোষণা কৰি ৰাজহুৱা শুনানি অনুষ্ঠিত নকৰাকৈ কাম আৰম্ভ কৰিব পাৰিব। সীমান্ত অঞ্চলৰ যিকোনো প্ৰকল্পকে ‘strategic’ প্ৰকল্প বুলি গণ্য কৰা হ’ব। নতুন নিয়ম অনুসৰি ‘Line of Actual Control’ৰ ১০০ কিলোমিটাৰ ভিতৰলৈ যিকোনো প্ৰকল্পকে ‘Strategic’ বুলি ধৰা হ’ব।

শেহতীয়া বাতৰি