• Home
  • »
  • News
  • »
  • nation
  • »
  • US-Canada ‍‍Border Incident: অবৈধভাৱে আমেৰিকালৈ যোৱাৰ প্ৰচেষ্টা গুজৰাটী পৰিয়ালটোৰ বাবে মাৰাত্মক প্ৰমাণিত হৈছিল, দম্পতীটোৰ তেওঁলোকৰ দুই সন্তানসহ প্ৰাণ যায় প্ৰচণ্ড ঠাণ্ডাত

US-Canada ‍‍Border Incident: অবৈধভাৱে আমেৰিকালৈ যোৱাৰ প্ৰচেষ্টা গুজৰাটী পৰিয়ালটোৰ বাবে মাৰাত্মক প্ৰমাণিত হৈছিল, দম্পতীটোৰ তেওঁলোকৰ দুই সন্তানসহ প্ৰাণ যায় প্ৰচণ্ড ঠাণ্ডাত

তেওঁলোকৰ হিমায়িত মৃতদেহ আমেৰিকা-কানাডা সীমান্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমাৰ এক মিটাৰ ভিতৰত পোৱা গৈছিল।

তেওঁলোকৰ হিমায়িত মৃতদেহ আমেৰিকা-কানাডা সীমান্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমাৰ এক মিটাৰ ভিতৰত পোৱা গৈছিল।

তেওঁলোকৰ হিমায়িত মৃতদেহ আমেৰিকা-কানাডা সীমান্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমাৰ এক মিটাৰ ভিতৰত পোৱা গৈছিল।

  • Share this:
গুজৰাটৰ এটা ভাৰতীয় পৰিয়ালৰ চাৰিজন লোক অবৈধভাৱে আমেৰিকা-কানাডা সীমান্ত অতিক্ৰম কৰাৰ সময়ত মৃত্যুবৰণ কৰাৰ খবৰে দেশজুৰি চৰ্চা লাভ কৰিছে। মৃত্যুবৰণ কৰাসকলৰ ভিতৰত আছে পত্নী-স্বামী আৰু তেওঁলোকৰ দুই সন্তান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ সীমান্তই সাধাৰণতে ভাৰতৰ বহু লোকক আকৰ্ষিত কৰে, যাৰ বাবে শীতকালত অবৈধভাৱে দেশখনলৈ যাবলৈ চেষ্টা কৰে। গান্ধীনগৰৰ কলোলৰ এটা পৰিয়ালেও এনে এটা প্ৰচেষ্টা কৰিছিল। কিন্তু কৰুণভাৱে মৃত্যুমুখত পৰে। কিশোৰী কন্যা আৰু এজন সৰু পুত্ৰৰ সৈতে পিতৃ-মাতৃ মৃত্যুমুখত পৰে।

মৃত্যুমুখত পৰা পেটেল পৰিয়ালটো এটা ডাঙৰ গোটৰ পৰা পৃথক হৈ মাইনাছ ৩৫ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত আমেৰিকা-কানাডা সীমান্ত অতিক্ৰম কৰিবলৈ যোৱাটো একপ্ৰকাৰ নৰকযাত্ৰাৰ দৰে হৈ পৰিছিল (crossing the US-Canada border illegally)। আৰু দুৰ্ভাগ্যবশতঃ তেওঁলোকে এয়া অতিক্ৰম কৰিব নোৱাৰিলে আৰু তেওঁলোকৰ হিমায়িত মৃতদেহ আমেৰিকা-কানাডা সীমান্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমাৰ এক মিটাৰ ভিতৰত পোৱা গৈছিল (frozen body was found one meter inside the US border)। এই পেটেল পৰিয়ালটো আছিল গুজৰাটৰ গান্ধীনগৰৰ ডিঙ্গুচানো আৰু কলোলৰ। পৰিয়ালটো আহমেদাবাদৰ আৰ্যভিলা ছচাইটীত বাস কৰিছিল। তেওঁ ভিজিটৰ ভিছা লৈ কানাডা পাইছিল আৰু তাৰ পৰা তেওঁ অবৈধভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। কালোলৰ পেটেল পৰিয়ালৰ এগৰাকী মুৰব্বীয়ে কৈছিল যে তেওঁলোকে ১০ দিন আগতে ঘৰৰ পৰা ওলাই গৈছিল কানাডালৈ বুলি। কিন্তু পৰিয়ালটো যোৱা ৪ দিন ধৰি সন্ধানহীন হৈ আছিল। পৰিয়ালটোৰ আন এজন সদস্য সুৰেশভায়ে কয়, "আমি ভাৰতৰ দূতাবাসৰ সৈতে যোগাযোগ কৰি আছোঁ আৰু আমি কেৱল সোমবাৰেহে এই সম্পৰ্কীয় তথ্যবোৰ জানিব পাৰিম"।

গান্ধীনগৰৰ জিলা উপায়ুক্ত কুলদীপ আৰ্যই (Gandhinagar’s district collector Kuldeep Arya) এই ঘটনা সন্দৰ্ভত যোগাযোগ কৰাত কয়, "আমি সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ জৰিয়তে এই দুৰ্ভাগ্যজনক ঘটনাটোৰ বিষয়ে জানিব পাৰিছোঁ আৰু আমাক এই বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰা হোৱা নাই। যদি বৈদেশিক মন্ত্ৰালয়ে কোনো তথ্য জাৰি কৰে, তেন্তে আমি যি কৰিব লাগে সেয়া কৰিম।"

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোমলেণ্ড ছিকিউৰিটি বিভাগৰ বিশেষ এজেণ্ট জন ডি ষ্টেনলীয়ে মিনেচ'টা আদালতত এক অপৰাধমূলক আবেদনত কয়, "আমি জানিব পাৰিছোঁ যে সকলো বিদেশী নাগৰিকেই গুজৰাটীভাষী, যিটো ভাৰতৰ পশ্চিম অংশ গুজৰাটত (Gujrat) কোৱা হয়। তেওঁলোকৰ বেছিভাগৰ হয় ইংৰাজীৰ সীমিত জ্ঞান আছিল বা তেওঁলোকে ইংৰাজী ক'ব নাজানিছিল। মই এইটোও জানো যে ভাৰতৰ বাহিৰত গুজৰাটী জনসংখ্যাৰ এক বৃহৎসংখ্যক লোক কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে।"

বৈদেশিক মন্ত্ৰালয়ে সমবেদনা জাৰি কৰিছে

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আমেৰিকা-কানাডা সীমান্তত একেটা পৰিয়ালৰ চাৰিজন ভাৰতীয় নাগৰিকৰ দুৰ্ভাগ্যজনক মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ দূতাবাসৰ কৰ্মচাৰীসকলকো এই বিষয়ত দ্ৰুততাৰে কাম কৰিবলৈ কৈছে।

পেটেল পৰিয়ালটো আহমেদাবাদত বাস কৰিছিল

প্ৰাপ্ত তথ্য অনুসৰি, এই পেটেল পৰিয়ালটো গুজৰাটৰ গান্ধীনগৰৰ কালোল অঞ্চলৰ ডিঙ্গুচা নামৰ ঠাইৰ আছিল (The Patel family was living in Ahmedabad )। এই পৰিয়ালটো যোৱা দুমাহ ধৰি ৩২ গ্ৰীন চিটি ডিপাৰ্টমেণ্ট-১ৰ কালোলৰ পঞ্চৱতী অঞ্চলত আছিল। কিন্তু আন তথ্য অনুসৰি, পৰিয়ালটো আহমেদাবাদৰ ৰাণীপ অঞ্চলৰ আৰ্যভিলা ছ'চাইটীত আছিল। এই দুৰ্ভাগ্যজনক ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছে পত্নী, তেওঁৰ স্বামী, তেওঁলোকৰ ১৩ বছৰীয়া কন্যা আৰু ৩ বছৰ বয়সৰ পুত্ৰ। এই ঘটনাটোক মানৱ সৰবৰাহৰ ঘটনা হিচাপেও দেখা গৈছে।

কৰ্তৃপক্ষই কৈছে যে পৰিয়ালৰ সদস্যসকলে গৰম কাপোৰ পিন্ধি আছিল, কিন্তু এই অঞ্চলত ঠাণ্ডা ইমানেই তীব্ৰ যে এইবোৰ পৰ্যাপ্ত নাছিল। এইবছৰ আমেৰিকা যুক্তৰাষ্ট্ৰত অত্যধিক ঠাণ্ডা অনুভৱ হৈছে আৰু ৱাশ্বিংটনৰ তাপমাত্ৰা মাইনাছ ১১ ডিগ্ৰী চেলচিয়াছৰ ওচৰত আছে। মৃতকৰ নাম পেটেল ধাৰ্মিক জগদীশভাই (৩) পেটেল বিহাংগী জগদীশভাই (১৩)
পেটেল জগদীশভাই বলদেৱভাই (৩৫) পেটেল বৈশালীবেন জগদীশভাই (৩৩)

ৰাকেশ পৰমাৰৰ প্ৰতিবেদন
Published by:Gautam Barman
First published: