অতি শীঘ্ৰে ৰাজ্যত ৩০ খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ, ৯০০ অধ্যাপকৰ চাকৰিও হ’ব নিয়মীয়া

News18 Assam | News18-Assam
Updated:January 25, 2020, 4:28 PM IST
অতি শীঘ্ৰে ৰাজ্যত ৩০ খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ, ৯০০ অধ্যাপকৰ চাকৰিও হ’ব নিয়মীয়া
Source-Google

জনতা ভৱনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

  • Share this:
জনতা ভৱনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলৰ সমস্যা, প্ৰাদেশিকীকৰণৰ লগতে আন আন বহু কেইটা দিশত মন্তব্য আগবঢ়ায়। মন্ত্ৰী শৰ্মাই অতি শীঘ্ৰে ৰাজ্যত ৩০ খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণৰ লগতে প্ৰায় ৯০০ অধ্যাপকৰ চাকৰিও নিয়মীয়া কৰাৰ আশ্বাস দিয়ে।

মন্ত্ৰী শৰ্মাৰ অন্য কেতবোৰ ঘোষণা–


  • ইয়াৰ আগতেও ১৩৪ খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হৈছিল যদিও শিক্ষকৰ যোগ্যতা নথকাত চাকৰি প্ৰাদেশিকীকৰণ হোৱা নাছিল। কিন্তু এতিয়া ৩০ৰ পৰা ৪০ দিনৰ ভিতৰত সমাধান কৰা হ’ব সমগ্ৰ প্ৰক্ৰিয়া।

  • এতিয়াৰ পৰা শিক্ষকৰ নিযুক্তিৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষই বিজ্ঞাপন দিব পাৰিব। দুই তিনিদিনৰ ভিতৰত চৰকাৰে জাৰি কৰিব জাননী। ফলত ৪,৫ মাহৰ ভিতৰত ৬০০ অধ্যাপকৰ পদ পূৰণ সম্ভৱ হৈ উঠিব।

  • অহা বাজেটত শিক্ষকৰ বাবে থাকিব আৰু ভাল খবৰ। হাইস্কুলত ঠিকাভিত্তিত কাম কৰা শিক্ষকৰ বাবে নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা, ৬০ বছৰ বয়সলৈকে চাকৰিৰ নিৰাপত্তা প্ৰদানৰ বাবে চৰকাৰে আঁচনি ল’ব। ফলত ৫৮০০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ সমস্যা সমাধান কৰিব।

  • সৰ্বশিক্ষা মিছনৰ অধীনত ১১ হাজাৰ State Pool শিক্ষকে কাম কৰি আছে। তেওঁলোককো নিয়মীয়া শিক্ষকৰ হাৰত দৰমহা প্ৰদান, চাকৰিৰ নিৰাপত্তা প্ৰদান কৰা হ’ব। নিয়মীয়া শিক্ষকে পাই থকা সুবিধা প্ৰায় আটাইখিনিয়েই লাভ কৰিব।


  • সৰ্বশিক্ষা অভিযানৰ অধীনত প্ৰায় ৩২ হাজাৰ টেট শিক্ষকে আজিৰ দিনত কাম কৰি আছে। কিন্তু চাকৰিৰ নিৰাপত্তা নথকাৰ বাবে বেংকৰ পৰা ঋণ ল’ব পৰা নাই। এই ৩২ হাজাৰ শিক্ষককো প্ৰায় নিয়মীয়া কৰণ কৰা হ’ব।

আৰু চাওক
পৰৱৰ্তী বাতৰি