কোৰোণাৰ সংকটৰ মাজতে ২০ হাজাৰ যুৱতী-মহিলালৈ চাকৰিৰ অ’ফাৰ, ১.৫ লাখ টকা পৰ্যন্ত হ’ব দৰমহা

News18 Assam | News18-Assam
Updated:September 3, 2020, 4:23 PM IST
কোৰোণাৰ সংকটৰ মাজতে ২০ হাজাৰ যুৱতী-মহিলালৈ চাকৰিৰ অ’ফাৰ, ১.৫ লাখ টকা পৰ্যন্ত হ’ব দৰমহা
Source-Google

এই পৰ্যন্ত তেওঁলোকৰ প্লেটফৰ্মত ৭ হাজাৰ শিক্ষক নিয়োগ কৰা হৈছে। বছৰৰ শেষলৈ ২০ হাজাৰ শিক্ষক ভৰ্তিৰ লক্ষ্য বান্ধিছে।

  • Share this:
কোৰোণা সংকটৰ মাজতে স্নাতক আৰু স্নাতকোত্তৰ মহিলা-যুৱতীৰ বাবে ভাল খবৰ। ষ্টাৰ্টআপ সংস্থা WhiteHat Jrৰ তৰফৰ পৰা জনোৱা হৈছে যে, তেওঁলোকৰ প্লেটফৰ্মত ভাৰতীয় মহিলা শিক্ষকৰ সংখ্যা বঢ়াব বিচাৰা হৈছে। প্ৰতিষ্ঠানটোৱে প্ৰতিদিনে ২২০ জন শিক্ষকক তেওঁলোকৰ প্লেটফৰ্মৰ সৈতে সংযুক্ত কৰিছে। এই পৰ্যন্ত তেওঁলোকৰ প্লেটফৰ্মত ৭ হাজাৰ শিক্ষক আছে। কিন্তু বছৰৰ শেষলৈকে প্লেটফৰ্মৰ সৈতে ২০ হাজাৰ শিক্ষক জড়িত কৰাৰ লক্ষ্য বান্ধিছে। অৰ্থাত্‍ এতিয়াও আৰু ১৩ হাজাৰ শিক্ষক নিয়োগ কৰিবলৈ বাকী ৰৈছে।

সম্প্ৰতি WhiteHat Jrক Byju's-এ অধিগ্ৰহণ কৰিছে। সংস্থাৰ ফালৰ পৰা জনোৱা মতে, ভাৰত, ব্ৰিটেইন, আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এতিয়া ক্ৰমাগত ভাবে বৃদ্ধি পাইছে তেওঁলোকৰ প্লেটফৰ্মত। গতিকে প্ৰয়োজন হৈছে শিক্ষকৰ। কোৰোণা সংকটৰ মাজত ডিজিটেল শিক্ষাৰ প্ৰৱণতাও বৃদ্ধি পাইছে।

সংস্থাৰ চি ই অ’ কৰণ বাজাজে জনোৱা মতে, অভিভাৱকে পঢ়া-শুনাৰ বাবে এই পদ্ধতিক সম্পূৰ্ণ সমৰ্থন জনাইছে। প্লেটফৰ্মৰ সৈতে সংযুক্ত ৮৪ শতাংশ শিক্ষকৰ বয়স ৩৫ বছৰৰো কম। ঘৰৰ পৰাই পঢ়াইছে ছাত্ৰ-ছাত্ৰীক। মাহে উপাৰ্জন কৰিছে ৫০ হাজাৰৰ পৰা ১.৫ লাখ টকা পৰ্যন্ত।
Published by: Himangshu Bhuyan
First published: September 3, 2020, 4:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading