পিঁয়াজৰ অত্যাধিক মূল্যবৃদ্ধিৰ পিছত এইবাৰ নতুন কৈ দাম বাঢ়িবলৈ ওলাইছে আন এবিধ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ। এইবাৰ খোৱাতেল (Edible Oil)ৰ দাম বাঢ়িবলৈ গৈ আছে।
ছয়াবিন আৰু সৰিয়হৰ দাম উৰ্ধমুখীনিউজ এজেন্সী IANSৰ প্ৰতিবেদন অনুসৰি মালেয়ছিয়া আৰু ইণ্ডোনেছিয়াৰ পৰা আমদানি কৰা খোৱাতেল মহঙা হোৱাৰ ফলত ছয়াবিন আৰু সৰিয়হৰ তেলৰ দাম দ্ৰুতগতিৰে বাঢ়িছে। তিলৰ তেলৰ দামো সমানে বাঢ়িছে।
![]()
যোৱা দুটা মাহত পাম অইল (Palm Oil)ৰ দাম ২৬শতাংশ অধিক বঢ়া দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰিউ সৰিয়হৰ দাম প্ৰতি কুইণ্টলত ৩০০টকা আৰু ছয়াবিনৰ দাম ৪০০টকা প্ৰতি কুইণ্টলত বৃদ্ধি পাইছে।
![]()
বিশেষজ্ঞসকলৰ মতে, বাৰিষা প্ৰচুৰ বৃষ্টিৰ কাৰণে খাৰিফ তিলৰ শস্য নষ্ট হয় আৰু তিলৰ দাম অত্যাধিক বাঢ়িছে। ছয়াবিনৰ দামো একেদৰে বাঢ়িছে। সেই একেধৰণে ৰবি শস্যৰ খেতিৰ সময়তো লেহেম উৎপাদনৰ সমস্যাই দেখা দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|