
নেচনেল হেৰাল্ড গোচৰত মানি লণ্ডাৰিং অভিযোগৰ ওপৰত দুদিন ধৰি নিৰন্তৰ প্ৰশ্ন কৰাৰ পিছত, প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে।
নেচনেল হেৰাল্ড গোচৰত মানি লণ্ডাৰিং অভিযোগৰ ওপৰত দুদিন ধৰি নিৰন্তৰ প্ৰশ্ন কৰাৰ পিছত, প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে।
নেচনেল হেৰাল্ড গোচৰত মানি লণ্ডাৰিং অভিযোগৰ ওপৰত দুদিন ধৰি নিৰন্তৰ প্ৰশ্ন কৰাৰ পিছত, প্ৰৱৰ্তন সঞ্চালকালয়ে বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে। আজি, তেওঁক ইডিয়ে পাঁচ ঘণ্টাতকৈও অধিক সময় ধৰি প্ৰশ্ন কৰিছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোমবাৰে ইডিয়ে প্ৰায় ১০ ঘণ্টা ধৰি সোধপোছ কৰিছিল। আজি ৰাতিপুৱা, ৰাহুল গান্ধী তেওঁৰ ভগ্নী আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে ইডি কাৰ্যালয়ত উপস্থিত হয়।
ইয়াৰ পূৰ্বে কালি অৰ্থাৎ সোমবাৰে ৰাহুল গান্ধীয়ে এই মানি লণ্ডাৰিং গোচৰত প্ৰথমবাৰৰ বাবে ইডিৰ সন্মুখত হাজিৰ হৈছিল। তেওঁক কালি নিশা ১১ বজালৈকে প্ৰশ্ন কৰা হৈছিল। ইডিৰ সন্মুখত ৰাহুল গান্ধীৰ উপস্থিতিৰ পিছত ৰাজধানীত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে ৰাহুল গান্ধীৰ সমৰ্থনত প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰি থকা কেইবাজনো কংগ্ৰেছ নেতাকো আৰক্ষীয়ে আটক কৰিছে। প্ৰতিবাদকাৰী কংগ্ৰেছ নেতাসকলক আজি বসন্ত কুঞ্জ আৰক্ষী থানাত আঠ ঘণ্টাৰো অধিক সময় ধৰি আটক কৰি ৰখা হৈছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|