চাৰিদিনত ৪০ ঘণ্টা জেৰা হৈ গৈছে। কিন্তু তাৰ পিছতো ৰাহুল গান্ধীৰ উত্তৰত সন্তুষ্ট নহয় ইডি। আজি কংগ্ৰেছ নেতাজনক পুনৰ ইডিৰ কাৰ্যালয়লৈ তলব কৰা হৈছে বুলি খবৰ। নেচনেল হেৰাল্ড গোচৰত ৰাহুল গান্ধীক জেৰা কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। সোমবাৰেও ৰাহুল গান্ধীক দীৰ্ঘ সময় ধৰি জেৰা কৰিছিল ইডিয়ে। নিশা ১২ বজাৰ পূৰ্বে ইডি কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হয়। তাৰ পিছত আজি পুনৰ তলব কৰা হৈছে।
ইয়াৰ পূৰ্বে বিগত সপ্তাহৰ সোমবাৰৰ পৰা বুধবাৰ পৰ্যন্ত ৰাহুল গান্ধীক জেৰা কৰিছিল ইডিয়ে। কিন্তু মাতৃ ছোনিয়া গান্ধী হাস্পতালত ভৰ্তি হৈ থকাৰ বাবে মাজতে কেইটামান দিন বিৰতি দিয়া হয়। পুনৰ সোমবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হয় ৰাহুল গান্ধী। সোমবাৰেই হাস্পতালৰ পৰা ওলাইছে ছোনিয়া গান্ধী। কোভিডৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা কিছু সমস্যাত ভুগিছিল তেওঁ।