আণ্ডাৰৱৰ্ল্ডৰ ডনৰ সৈতে সম্পৰ্ক! অভিনেত্ৰী শিল্পী শেট্টীৰ স্বামীক জেৰা কৰিব ED–এ

ইকবাল মিৰ্চীৰ সম্পত্তিৰ চুক্তি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰণজিত সিং বিন্দ্ৰা আৰু কুন্দ্ৰাৰ মাজত হৈছিল ব্যৱসায়িক চুক্তি।

News18-Assam
Updated:October 29, 2019, 5:48 PM IST
আণ্ডাৰৱৰ্ল্ডৰ ডনৰ সৈতে সম্পৰ্ক! অভিনেত্ৰী শিল্পী শেট্টীৰ স্বামীক জেৰা কৰিব ED–এ
ইকবাল মিৰ্চীৰ সম্পত্তিৰ চুক্তি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰণজিত সিং বিন্দ্ৰা আৰু কুন্দ্ৰাৰ মাজত হৈছিল ব্যৱসায়িক চুক্তি।
News18-Assam
Updated: October 29, 2019, 5:48 PM IST
বিতৰ্ক সাঙোৰ খাইছে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পী শেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা। ৪ নৱেম্বৰত ৰাজ কুন্দ্ৰাক সোধা–পোছা কৰিব ED–এ। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে আণ্ডাৰৱৰ্ল্ডৰ ডন ইকবাল মিৰ্চীৰ সৈতে ব্যৱসায়িক চুক্তি কৰাৰ অভিযোগ। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে ৰাজ কুন্দ্ৰাই।

উল্লেখযোগ্য যে ইকবাল মিৰ্চীৰ সম্পত্তিৰ চুক্তি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰণজিত সিং বিন্দ্ৰা আৰু কুন্দ্ৰাৰ মাজত হৈছিল ব্যৱসায়িক চুক্তি। প্ৰায় ২২৫ কোটি টকাৰ মিৰ্চীৰ সম্পত্তিৰ চুক্তিৰ গোচৰত বিন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল।


ই ডিৰ সূত্ৰ অনুসৰি, বিন্দ্ৰাৰ ৰিয়েল ইষ্টেট কোম্পানী আৰ কে ডব্লিউ ডেভেল’পাৰ্ছ প্ৰাইভেট লিমিটেড আৰু ইচেন্সিয়েল হস্পিটেলিটী লিমিটেডৰ মাজত চুক্তিৰ বিষয়ে তথ্য লাভ কৰা হৈছে। ইচেন্সিয়েল হস্পিটেলিটীৰ পৰিচালক শিল্পা শেট্টী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি