EDৰ জালত পৰিছে Yes Bankৰ প্ৰাক্তন পৰিচালন সঞ্চালক ৰাণা কাপুৰ। ঘৰ সহ কেইবাটাও ঠিকনাত ১২ঘণ্টাজোৰা অভিযান। য়েছ বেংকৰ পূৰ্বৰ প্ৰম’টাৰ ৰাণা কাপুৰ। জানিব পৰা মতে, ৰাণা কাপুৰক মুম্বাই কাৰ্যালয়ত একেৰাহে সোধা–পোছা কৰা হৈছে।
EDৰ জালত পৰিছে Yes Bankৰ প্ৰাক্তন পৰিচালন সঞ্চালক ৰাণা কাপুৰ। ঘৰ সহ কেইবাটাও ঠিকনাত ১২ঘণ্টাজোৰা অভিযান। য়েছ বেংকৰ পূৰ্বৰ প্ৰম’টাৰ ৰাণা কাপুৰ। জানিব পৰা মতে, ৰাণা কাপুৰক মুম্বাই কাৰ্যালয়ত একেৰাহে সোধা–পোছা কৰা হৈছে।
নতুন দিল্লীঃ য়েছ বেংকৰ কাণ্ডক লৈ ED (enforcement directorate)–এ বেংকৰ প্ৰাক্তন প্ৰম’টাৰ তথা সংস্থাপক ৰাণা কাপুৰৰ ঘৰত তালাচী চলোৱা হৈছে। EDৰ মুম্বাই কাৰ্যালয়ত একেৰাহে সোধা–পোছা কৰা হৈছে। ইডি–এ বেংকৰ সংস্থাপক যিয়ে এই সংকট অহাৰ প্ৰাকক্ষণত ব’ৰ্ডৰ পৰা ওলাই গৈছিল সেই ৰাণা কাপুৰৰ বিৰুদ্ধে টকা আত্মসাতৰ গোচৰ দাখিল কৰিছে। ৰাণা কাপুৰৰ ঘৰ সহ কেইবাটাও ঠিকনাত বিগত ১২ঘণ্টাৰ পৰা তালাচী চলাই থকা হৈছে। উল্লেখযোগ্য যে, RBI–এ ৰাণা কাপুৰক আগষ্ট, ২০১৮চনতে পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত তেওঁ ৩১ জানুৱাৰী, ২০১৯ত নিজৰ পদত্যাগ কৰিছিল।
শুকুৰবাৰে তদন্তকাৰী সংস্থাই ৰাণাৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰিছে। ইয়াৰ পিছত শণিবাৰে ৰাণাই মুম্বাইত ইডিৰ কাৰ্যালয়ত উপস্থিত হয়। ৰাণা কাপুৰক ইডিৰ দলে সোধা–পোছা কৰি আছে।
উল্লেখযোগ্য যে, বেংকৰ পৰিচালনাক লৈ প্ৰশ্ন উঠিছিল শেহতীয়া ঘটনাৱলীক কেন্দ্ৰ কৰি। বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণেই বেংকৰ মাৰ্কেট কেপিটেলাইজেশ্যন (Market Capitalization) একেৰাহে নিম্নগামী হোৱা দেখিবলৈ পোৱা গৈছিল।
কৰপৰেট ক্ষেত্ৰত ৰাণা কাপুৰৰ নেটৱৰ্ক যথেষ্ট শক্তিশালী বুলি গণ্য কৰা হয়। বেংকটোক বহুকেইটা গুৰুত্বপূৰ্ণ ডীল দিওৱাৰ ক্ষেত্ৰত ৰাণা কাপুৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কাপুৰে সেই কোম্পানীসমূহক পূঁজিৰে সহায় কৰিছিল, যিসমূহক আন ঋণ প্ৰদানকৰ্তাই ধাৰ দিবলৈ অস্বীকাৰ কৰিছিল। এটা সময়ত মাষ্টাৰস্ত্ৰোক বুলি ভবা এই পদক্ষেপ য়েছ বেংকৰ কাৰণে বেয়া খবৰ হৈ পৰিল।
খ্যাতিৰ পৰা কুখ্যাতিলৈ
য়েছ বেংকৰ (Yes Bank) সংকট সন্মুখলৈ অহাৰ পিছত চৌদিশে ইয়াৰ প্ৰম’টাৰ ৰাণা কাপুৰৰ চৰ্চা চলিছে। ২০০৩চনত বেংকৰ কাৰণে লাইচেন্স লাভ কৰা ৰাণা কাপুৰে ২০০৪চনত প্ৰৱল উত্সাহেৰে ২০০৪চনত বেংকটোৰ আৰম্ভনি কৰিছিল। কিন্তু মাত্ৰ ১৬বছৰতে বেংকটো শেষ হৈ পৰিল। ফৰ্বছে ৰাণা কাপুৰক উদয় কোটাকৰ পিছত ভাৰতৰ দ্বিতীয়জন ধনী বেংকাৰ হিচাপে স্বীকৃতি দিছিল। ২০১৮চনত তেওঁৰ সম্পত্তি ১.৩ আৰৱ ডলাৰ বুলি কোৱা হৈছিল। তেওঁ মুম্বাইত ১২৮কোটি টকাৰ এটা সুদৃশ্য বাংলো ক্ৰয় কৰিছিল।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|