এই অভিযোগৰ আমাজন ইণ্ডিয়াই কোন প্ৰতিক্ৰিয়া দিয়া নাই।
এই অভিযোগৰ আমাজন ইণ্ডিয়াই কোন প্ৰতিক্ৰিয়া দিয়া নাই।
দিল্লীঃ সামঞ্জস্যহীন দামত সামগ্ৰী বিক্ৰী কৰি দেশৰ আইন ভংগ কৰিছে অনলাইন শ্বপিং চাইট আমাজনে। যাৰ কাৰণে দেশৰ ক্ষুদ্ৰ ব্যৱসাীসকল সংকটত পৰিছে। এই কাৰণে অভিযোগ কৰি আমাজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ইডিক দাবী জনালে ব্যৱসায়ীসকলৰ সংগঠন কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্চ বা CAIT–এ।
ইডি-লৈ লিখা চিঠিত ব্যবসায়ীসকলৰ এই সর্বভাৰতীয় সংগঠনৰ তৰফৰ পৰা অভিযোগ কৰা হৈছে যে, ২০১২ চনৰ পৰা ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ পিছৰে পৰা দেশৰ প্ৰচলিত আইন ভৰিৰে মোহাৰিছে আমাজনে। এফডিআই, ফেমা-ৰ দৰে আইনসমূহত দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ অক্ষুণ্ণ ৰখাৰ যি বাধা–নিষেধ আছে সেইসমূহ ভংগ কৰিছে আমাজনে। তাৰ পিছতো কোনো ব্যৱস্থা লোৱা হোৱা নাই বহুজাতিক সংস্থাটোৰ বিৰুদ্ধে। ফলত দেশৰ প্ৰায় ৭ কোটি ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱন–জীৱিকা আজি বিপন্ন হৈ পৰিছে। কেৱল এই ব্যৱসায়ীসকলেই নহয় তেওঁলোকৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জৰিত অসংখ্য কৰ্মী তথা মানুহো প্ৰতাৰিত হোৱাৰ অভিযোগ উঠিছে।
অৱশ্যে এই অভিযোগৰ প্ৰতিক্ৰিয়া বিচৰাৰ পিছতো আমাজন ইণ্ডিয়াই প্ৰতিক্ৰিয়া দিয়া নাই।
CAIT-ৰ চেক্রেটাৰী জেনেৰেল প্রবীণ খাণ্ডেলৱালে কয়,'আমাজন চেলাৰ চার্ভিছ প্রাইভেট লিমিটেড তথা বিভিন্ন বেনামী সংস্থাৰ জৰিয়তে বজাৰ দখলৰ অসাধু চেষ্টা চলাইছে আমাজনে। যিটো এফডিআই নীতি তথা ফেমা আইনৰ সম্পূৰ্ণ বিৰোধী৷' অবিলম্বে ইডিয়ে যাতে আমাজনৰ পৰা সকলো তথ্য তলব কৰে সেই দাবীও কৰিছে CAIT-এ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|