আমাজনৰ বিৰুদ্ধে বৈদেশিক মুদ্ৰা আইন আৰু নিয়ম উলংঘনৰ অভিযোগ

News18 Assam | News18-Assam
Updated:February 18, 2021, 5:13 PM IST
আমাজনৰ বিৰুদ্ধে বৈদেশিক মুদ্ৰা আইন আৰু নিয়ম উলংঘনৰ অভিযোগ
বাণিজ্য মন্ত্ৰালয়ৰ অধীনৰ প্ৰম’ছন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড বিভাগটোৱে এনফৰ্চমেণ্ট ডিৰেক্টৰেটেৰ সৈতে কৰা এক যোগাযোগৰ পিছত এই গোচৰ ৰুজু হয় বুলি জানিব পৰা গৈছে।

বাণিজ্য মন্ত্ৰালয়ৰ অধীনৰ প্ৰম’ছন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড বিভাগটোৱে এনফৰ্চমেণ্ট ডিৰেক্টৰেটেৰ সৈতে কৰা এক যোগাযোগৰ পিছত এই গোচৰ ৰুজু হয় বুলি জানিব পৰা গৈছে।

  • Share this:
জনপ্ৰিয় ই-কমাৰ্চ ছাইট আমাজনৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অপৰাধ। এনফৰ্চমেণ্ট ডিৰেক্টৰেটে দেশৰ বৈদেশিক মুদ্ৰা আইন আৰু নিয়ম উলংঘনৰ অভিযোগত আমাজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। বৈদেশিক বিনিময় নিয়ন্ত্ৰণ আইনৰ অন্তৰ্গত বহুকেইটা দফাৰ অধীনত তদন্ত আৰম্ভ কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে।
লাভ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীৰ পৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ পোৱাৰ পিছতেই কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে তদন্ত আৰম্ভ কৰিছে। আমাজন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা মাল্টি ব্ৰেণ্ড খুচুৰা ব্যৱসায়ী ফ্লিপকাৰ্ট আৰু আমাজনৰ ওপৰত লক্ষ্য ৰাখিবলৈ এক নিৰ্দেশ পোৱা হয়।
উচ্চতম ন্যায়ালয়ৰ মতে, আমেৰিকাৰ এই ফাৰ্মখনে তালিকাভুক্ত নকৰা কিছু ভাৰতীয় কোম্পানীৰ গোট ফিউচাৰ ৰিটেইল নিয়ন্ত্ৰণ সম্পৰ্কে কৰা চুক্তিক বৈদেশিক বিনিময় নিয়ন্ত্ৰণ আইন আৰু প্ৰত্যক্ষ বিনিয়োগ নীতিৰ অধীনত নিয়ম বহিৰ্ভূত কাৰ্য। অৱশ্যে, আমাজন ইণ্ডিয়াই এই বিষয়ে কৰা অভিযোগ নাকচ কৰি কয় যে তেওঁলোকে এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ নতুন গোচৰ সম্পৰ্কে অৱগত নহয়।

এই সম্পূৰ্ণ বিষয় সম্পৰ্কে আমাজনৰ লগতে ইয়াৰ অন্যান্য অংশীদাৰ সকলৰ পৰা ইয়াৰ অধিক তথ্য লোৱা হ’ব আৰু তদন্ত কৰা হ’ব বুলি এক সূত্ৰই প্ৰকাশ কৰে। বাণিজ্য মন্ত্ৰালয়ৰ অধীনৰ প্ৰম’ছন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড বিভাগটোৱে এনফৰ্চমেণ্ট ডিৰেক্টৰেটেৰ সৈতে কৰা এক যোগাযোগৰ পিছত এই গোচৰ ৰুজু হয় বুলি জানিব পৰা গৈছে।
কনফেডাৰেছন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ অভিযোগ অনুসৰি, ফ্লিপকাৰ্ট আৰু আমাজনৰ দৰে ই-কমাৰ্চ কোম্পানীসমূহে চুক্তিক বৈদেশিক বিনিময় নিয়ন্ত্ৰণ আইন আৰু প্ৰত্যক্ষ বিনিয়োগ নীতিৰ নিয়মসমূহ উলংঘা কৰিছে। কোম্পানীসমূহে অনৈতিক গাঁথনি, বিনিয়োগ আৰু কাৰ্য কৰা বুলি অভিযোগ উত্থাপিত হৈছে।
২০১৯ চনৰ আগষ্টত আমাজনে ফিউচাৰ কুপন লিমিটেডৰ অন্তৰ্গত ইয়াৰ তালিকাভুক্ত নোহোৱা ৪৯ শতাংশ ফাৰ্ম ৩ৰ পৰা ১০ বছৰৰ বাবে কিনিবলৈ মান্তি হৈছিল। আনহাতে ফিউচাৰে এই চুক্তি ভংগ কৰি আমাজনৰ প্ৰতিদ্বন্দ্বী ৰিলায়েঞ্চৰ সৈতে চুক্তি কৰাৰ অভিযোগত দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল। ২০২০ চনৰ অক্টোবৰত আমাজনৰ সপক্ষে এই গোচৰৰ ৰায় দিয়া হৈছিল।
First published: February 18, 2021, 5:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি