ঝাৰখণ্ডত নিলম্বিত আইএএছ বিষয়া পূজা সিংঘলৰ ঘনিষ্ঠ বুলি জনাজাত প্ৰেম প্ৰকাশৰ ঘৰত প্ৰৱৰ্তন নিৰ্দেশালয় চমুকৈ ইডিয়ে চলোৱা এটা ৰেডৰ সময়ত AK-47 ৰাইফল লাভ কৰে। এক সূত্ৰ অনুসৰি প্ৰেম প্ৰকাশৰ ৰাঁচীত অৱস্থিত ঘৰৰ চলা প্ৰৱৰ্তন নিৰ্দেশালয়ৰ ৰেডত দুটাকৈ AK-47 উদ্ধাৰ হৈছে। উল্লেখযোগ্য যে, এই ৰাইফল দুটা উদ্ধাৰ কাৰ্যই অভিযানকাৰী দলটোক হতভম্ব কৰিছিল। জানিব পৰা মতে উদ্ধাৰ কৰা AK-47 ৰাইফল দুটা এটা আলমাৰীত বন্ধ কৰি ৰখা আছিল।
বুধবাৰে ৰাতিপুৱা সাসাৰামৰ নগৰ থানা ক্ষেত্ৰৰ দুটা ঠাইত ইডিয়ে এক ৰেড অভিযান চলাইছিল। ঝাৰখণ্ডত হোৱা মনৰেগা কেলেংকাৰী আৰু অবৈধ খননৰ কিংপিন হিচাপে বিবেচিত প্ৰেম প্ৰকাশ ওৰফে ছোটুৰ বেংক কলনীতস্থিত বাসগৃহত ইডিৰ অভিযানে যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে গোৰক্ষী মহল্লাত থকা প্ৰেম প্ৰকাশৰ মামা ৰতন শ্ৰীবাস্তৱৰ বাসগৃহতো ৰাতিপুৱাৰে পৰা ইডিৰ অভিযান চলায়।
ইডিয়ে ইয়াৰ পূৰ্বে বিগত ২৫ মে’ত প্ৰেম প্ৰকাশৰ হৰমুত অৱস্থিত কাৰ্যালয় আৰু বসুন্ধৰা এপাৰ্টমেন্টত তালাচী অভিযান প্ৰক্ষেপ কৰিছিল। এই ৰেডত প্ৰেম প্ৰকাশৰ বসুন্ধৰা এপাৰ্টমেণ্টৰ ফ্লেট নম্বৰ ৮০২ত ইডিৰ বিষয়াসকলে বহু মূল্যৰ বস্তুৰ থকাৰ কথা গম পাইছিল। আনকি ইডিয়ে প্ৰেম প্ৰকাশৰ হৰমুত অৱস্থিত কাৰ্যালয়ত ৰেড অভিযান চলাওতে বিদেশীমূলৰ কাছও পাইছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|