চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধিৰ সম্ভাৱনা, আজি বাজেটত হ’ব পাৰে ঘোষণা

মহিলা আৰু পুৰুষৰ জীৱন ক্ষমতা বৃদ্ধিৰ বাবে অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত বিবেচনা কৰা হৈছে।

News18-Assam
Updated:July 5, 2019, 8:42 AM IST
চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধিৰ সম্ভাৱনা, আজি বাজেটত হ’ব পাৰে ঘোষণা
মহিলা আৰু পুৰুষৰ জীৱন ক্ষমতা বৃদ্ধিৰ বাবে অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত বিবেচনা কৰা হৈছে।
News18-Assam
Updated: July 5, 2019, 8:42 AM IST
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। চৰকাৰে অৱসৰৰ বয়স বৃদ্ধি কৰাৰ সম্ভাৱনা আছে আজিৰ বাজেটত। প্ৰধান অৰ্থনৈতিক উপদেষ্টা কে ভি সুব্ৰমনিয়নে আৰ্থিক সৰ্বেক্ষণত অৱসৰৰ বয়স বৃদ্ধিৰ প্ৰস্তাৱ দিছে। সুব্ৰমনিয়নে কয় যে মানুহৰ জীৱন প্ৰত্যাশা বাঢ়ি আছে, সেয়েহে অৱসৰৰ বয়স বৃদ্ধি কৰা হওক।

সংসদত অৰ্থনৈতিক সমীক্ষা দাখিল কৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে অৱসৰৰ বয়স বৃদ্ধিৰ বিষয়টো বেছিদিনলৈ উপেক্ষা কৰিব পৰা নাযায়। আজিৰ পৰা ১০ বছৰ পিছত এই সালসলনি কৰাটো সম্ভৱ। ইয়াৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি আৰম্ভ কৰা যাওক।

মহিলা আৰু পুৰুষৰ জীৱন ক্ষমতা বৃদ্ধিৰ বাবে অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত বিবেচনা কৰা হৈছে। বয়োজ্যেষ্ঠ লোকৰ আবাদী বৃদ্ধি আৰু পেঞ্চন ফাণ্ডৰ ওপৰত চাপ বৃদ্ধিৰ বাবে বহু দেশত অৱসৰৰ বয়স বৃদ্ধি কৰা হৈছে। অৰ্থনৈতিক সমীক্ষা মতে, ভাৰতৰ আবাদী আগন্তুক দুটা দশকত ধাৰাবাহিকভাৱে বৃদ্ধি পাব। ২০২১ৰ পৰা ৩১ৰ ভিতৰত ভাৰতৰ আবাদী ১ শতাংশ আৰু ২০৩১ৰ পৰা ৪১ৰ ভিতৰত ০.৫ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে।

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে দেশক MSMEs ক্ষেত্ৰত গুৰুত্ব প্ৰদানেৰে নিবনুৱা সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব। দেশত MSMEs ক্ষেত্ৰত ৫০ শতাংশতকৈ অধিক ফাৰ্ম এনেকুৱা আছে, য’ত কৰ্মচাৰীৰ সংখ্যা ১০০তকৈ কম। ১০ বছৰ পুৰণি হোৱাৰ পিছতে এনেকুৱা ফাৰ্মসমূহ দুৰ্বল হৈ আছে। যিসমূহ ফাৰ্মত ১০০ৰ অধিক কৰ্মচাৰী আছে, সংখ্যাত কম হোৱাৰ পিছতো নিবনুৱা সমস্যা সমাধানত ৭৫ শতাংশ অৰিহণা যোগায়।
আৰু চাওক পৰৱৰ্তী বাতৰি