মুখ্যপৃষ্ঠা »খবৰ »দেশ »Economic survey report : ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ’ব ৬.৫ শতাংশ, অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত দাবী নিৰ্মলা সীতাৰমনৰ

Economic survey report : ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ’ব ৬.৫ শতাংশ, অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত দাবী নিৰ্মলা সীতাৰমনৰ

আইএমএফ বা আন্তৰ্জাতিক অৰ্থ ভাণ্ডাৰৰ প্ৰকাশিত ৰিপ’ৰ্টতো দাবী কৰা হৈছে, আগন্তুক আৰ্থিক বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ হ’ব পাৰে ৬.১ শতাংশ।

আইএমএফ বা আন্তৰ্জাতিক অৰ্থ ভাণ্ডাৰৰ প্ৰকাশিত ৰিপ’ৰ্টতো দাবী কৰা হৈছে, আগন্তুক আৰ্থিক বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ হ’ব পাৰে ৬.১ শতাংশ।

  • Share this:
২০২৩–২৪ আৰ্থিক বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ’ব ৬.৫ শতাংশ। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট উপস্থাপনৰ প্ৰাকমুহূৰ্তত সংসদত অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন উপস্থাপন কৰাৰ সময়ত এই দাবী কৰে। চলিত বিত্তীয় বৰ্ষত এয়া প্ৰায় ৭ শতাংশ আছিল বুলি জনায় বিত্তী মন্ত্ৰীগৰাকীয়ে।

আইএমএফ বা আন্তৰ্জাতিক অৰ্থ ভাণ্ডাৰৰ প্ৰকাশিত ৰিপ’ৰ্টতো দাবী কৰা হৈছে, আগন্তুক আৰ্থিক বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ হ’ব পাৰে ৬.১ শতাংশ।

আৰ্থিক সমীক্ষা ৰিপ’ৰ্টত জনোৱা হৈছে, আন্তৰ্জাতিক ক্ষেত্ৰত আইএমএফ, বিশ্ব বেংক, এডিবিৰ দৰে প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বাভাসৰ সৈতে সামঞ্জস্য ৰাখিয়ে এই পূৰ্বানুমানকৰিছে কেন্দ্ৰীয় চৰকাৰে। বাস্তৱত বৃদ্ধিৰ হাৰ ৬ৰ পৰা ৬.৮ শতাংশৰ মাজত থাকিব। কিন্তু সেয়া নিৰ্ভৰ কৰিব সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত।

ৰিপ’ৰ্টত দাবী কৰা হৈছে, কোৰোণা মহামাৰীৰ বাবে বিশ্বৰ বিভিন্ন দেশে যে অসুবিধাৰ সন্মুখীন হৈছে, সেই তুলনাত সুবিধাজনক স্থানত আছে ভাৰত। সেইবাবেই দেশৰ বৃদ্ধিৰ হাৰ ৬ৰ পৰা ৬.৮ শতাংশৰ ভিতৰত থাকিব পাৰে বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰ। সংসদত বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়েও দাবী কৰে, সমগ্ৰ বিশ্বই ভাৰতৰ বাজেটৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে।

আইএমএফৰ পূৰ্বাভাসতো দাবী কৰা হৈছে, ২০২৩ চনত চীন আৰু ভাৰতৰ আৰ্থিক অগ্ৰগতিৰ ওপৰতে বিশ্বৰ অৰ্থনৈতিক বৃদ্ধিৰ ৫০ শতাংশ নিৰ্ভৰ কৰিব। ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰো কমিব বুলি আইএমএফ ৰিপ’ৰ্টত দাবী কৰা হৈছে।

শেহতীয়া বাতৰি