মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Budget 2021: আজি সংসদত দাখিল কৰা হ'ব ইক'নমিক চাৰ্ভে, বাজেটৰ সৈতে কি সম্পৰ্ক ইক'নমিক চাৰ্ভেৰ?

Budget 2021: আজি সংসদত দাখিল কৰা হ'ব ইক'নমিক চাৰ্ভে, বাজেটৰ সৈতে কি সম্পৰ্ক ইক'নমিক চাৰ্ভেৰ?

News18 Assam | News18-Assam
Updated:January 29, 2021, 2:02 PM IST
Budget 2021: আজি সংসদত দাখিল কৰা হ'ব ইক'নমিক চাৰ্ভে, বাজেটৰ সৈতে কি সম্পৰ্ক ইক'নমিক চাৰ্ভেৰ?
কেন্দ্ৰীয় চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে সংসদত বাজেট দাখিল কৰিব। অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট।

কেন্দ্ৰীয় চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে সংসদত বাজেট দাখিল কৰিব। অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট।

  • Share this:
কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্তীয় বৰ্ষ ২০২০-২১ৰ ইক'নমিক চাৰ্ভে বা অৰ্থনৈতিক জৰীপ আজি সংসদত দাখিল কৰা হ'ব। এই চাৰ্ভে দাখিল কৰাৰ লগতে বাজেট চেচনৰ আৰম্ভণিও কৰা হ'ব। সহজ ভাষাত কবলৈ হ'লে এই চাৰ্ভে দেশৰ আৰ্থিক অৱস্থাৰ লেখ-জোখ।

আৰ্থিক বিকাশৰ লেখ-জোখ হ'ল ইকনমিক চাৰ্ভে-

কেন্দ্ৰীয় চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিব। য'ত ইকনমিক চাৰ্ভে হ'ল বিত্তীয় বৰ্ষৰ লেখ-জোখ। চলিত বছৰৰ ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ'ব বাজেট। কিন্তু আজি যি ইকনমিক চাৰ্ভে দাখিল কৰা হ'ব, সেয়া হ'ল ২০২০-২১ বৰ্ষৰ আৰ্থিক বিকাশৰ লেখ-জোখ।

ইকনমিক চাৰ্ভেৰ সৈতে বাজেটৰ কি সম্পৰ্ক?

ইকনমিক চাৰ্ভে এক গুৰুত্বপূৰ্ণ ইকনমিক ৰিপৰ্ট কাৰ্ড। ইয়াৰ কাম বিত্তীৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিস্তাৰিত ভাবে ষ্টেচটিকেল ডাটা যুগুত কৰা। নিয়ম অনুসৰি, চৰকাৰে চাৰ্ভে দাখিল কৰাৰ কোনো বাধ্যবাধকতা নাই।

আজিৰ পৰা আৰম্ভ হৈ যাব বাজেট চেচন-

সংসদৰ বাজেট চেছন আজিৰ পৰাই আৰম্ভ হ'ব। লোকসভা সচিবালয়ৰ ফালৰ পৰা জনোৱা মতে, অহা ৮ এপ্ৰিল পৰ্যন্ত চলিব বাজেট চেচন। ইয়াৰে প্ৰথম ভাগ ২৯ জানুবাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰী ২০২১ পৰ্যন্ত আৰু দ্বিতীয় চেচন ৮ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈকে।
Published by: Himangshu Bhuyan
First published: January 29, 2021, 2:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি