চৰকাৰী কৰ্মচাৰীয়ে পাব পাৰে ডাঙৰ উপহাৰ, কাইলৈ বাজেটত ঘোষণা হোৱাৰ সম্ভাৱনা

চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স বৃদ্ধি পাব পাৰে। মুখ্য বিত্তীয় উপদেষ্টা (চিইএ) প্ৰফেচাৰ কে বি সুব্ৰমনিয়ানে আৰ্থিক সৰ্বেক্ষণত অৱসৰৰ বয়স বৃদ্ধিৰ প্ৰস্তাৱ দিছে। 

news18assam
Updated:July 4, 2019, 5:01 PM IST
চৰকাৰী কৰ্মচাৰীয়ে পাব পাৰে ডাঙৰ উপহাৰ, কাইলৈ বাজেটত ঘোষণা হোৱাৰ সম্ভাৱনা
চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স বৃদ্ধি পাব পাৰে। মুখ্য বিত্তীয় উপদেষ্টা (চিইএ) প্ৰফেচাৰ কে বি সুব্ৰমনিয়ানে আৰ্থিক সৰ্বেক্ষণত অৱসৰৰ বয়স বৃদ্ধিৰ প্ৰস্তাৱ দিছে। 
news18assam
Updated: July 4, 2019, 5:01 PM IST
চৰকাৰী কৰ্মচাৰীৰ কাৰণে ভাল খবৰ। চৰকাৰে অৱসৰৰ বয়স বৃদ্ধি কৰিব পাৰে। মুখ্য বিত্তীয় উপদেষ্টা (চিইএ) প্ৰফেচাৰ কে বি সুব্ৰমনিয়ানে আৰ্থিক সৰ্বেক্ষণত অৱসৰৰ বয়স বৃদ্ধিৰ প্ৰস্তাৱ দিছে। বিত্তীয় উপদেষ্টাগৰাকীৰ মতে মানুহৰ জীৱন প্ৰত্যাশা বৃদ্ধি পাইছে আৰু সেইবাবে ৰিটায়ৰমেণ্টৰ বয়সো বৃদ্ধি কৰিব লাগে। জনসংখ্যা প্ৰবৃত্তি সন্দৰ্ভত আৰ্থিক সমীক্ষাত বয়োবৃদ্ধ জনতাৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াত স্বাস্থ্য ক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ লগতে প্ৰণালীৱদ্ধভাৱে সেৱা নিবৃত্তিৰ বয়স বৃদ্ধিৰ প্ৰয়োজন তুলি ধৰা হৈছে।

মুখ্য বিত্তীয় উপদেষ্টাৰ দ্বাৰা প্ৰস্তুত আৰ্থিক সৰ্বেক্ষণত কোৱা হৈছে যে ন্যূনতম বেতন নীতি প্ৰয়োগ কৰাৰ লগে লগে প্ৰয়োজনীয়তা বৃদ্ধি পাব আৰু মধ্য বিত্ত শ্ৰেণীক শক্তিশালী কৰিব পৰা যাব। সাধাৰণ জনতাৰ উন্নতিৰ কাৰণে চৰকাৰে ডাটা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিনিয়োগ কৰা দৰকাৰ।

৫৫–৬০লাখ চাকৰি সৃষ্টিৰ বাবে ৰোডমেপ প্ৰস্তুত

আৰ্থিক সৰ্বেক্ষণত কোৱা হৈছে যে MSME খণ্ডক শক্তিশালী কৰি নিবনুৱা সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়। সৰ্বেক্ষণৰ মতে দেশৰ MSME খণ্ডত ৫০খনৰো ফাৰ্ম এনে আছে য’ত কৰ্মচাৰীৰ সংখ্য ১০০জনৰো কম। ১০বছৰৰ পিছতো এনে ফাৰ্ম দুৰ্বল হৈয়ে আছে। এনেকুৱা ফাৰ্মে নিয়োগৰ ক্ষেত্ৰত মাত্ৰ ১৫শতাংশ অংশীদাৰী। আনহাতে য’ত ১০০জনৰো অধিক কৰ্মচাৰী থকা ফাৰ্মত নিয়োগৰ ক্ষেত্ৰত ৭৫শতাংশ যোগদান আছে আৰু উৎপাদনশীলতাৰ ক্ষেত্ৰতো ইয়াৰ যোগদান ৯০শতাংশ।

দেশৰ জিডিপিৰ হাৰ ৭শতাংশ থকাৰ অনুমান

অৰ্থনৈতিক চাৰ্ভেত কোৱা হৈছে যে ২০১৯–২০চনত দেশৰ জিডিপিৰ হাৰ ৭শতাংশ থাকিব পাৰে। উল্লেখযোগ্য যে ইক’নমিক চাৰ্ভে মুখ্য বিত্তীয় উপদেষ্টা কে বি সুব্ৰমনিয়ানে প্ৰস্তুত কৰিছে আৰু ইয়াত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থব্যৱস্থাৰূপে গঢ়ি তুলিবলৈ দেশৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহকো আঙুলিয়াই দিয়া হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি