বাবৰি মছজিদ আমিয়েই ভাঙিছিলো, এতিয়া ৰাম মন্দিৰ নিৰ্মাণ কৰিম! প্ৰজ্ঞা ঠাকুৰলৈ আকৌ নিৰ্বাচন আয়োগৰ জাননী

ভূপালৰ বিজেপি প্ৰত্যাশী সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ আকৌ এক মহাবিতৰ্কিত মন্তব্যক লৈ দেশ তোলপাৰ লাগিছে। শণিবাৰে সংবাদমাধ্যমৰ আগত এক সাক্ষাৎকাৰত প্ৰজ্ঞা ঠাকুৰৰ মন্তব্য ৰাম মন্দিৰ নিশ্চিত ৰূপত নিৰ্মাণ হ’বই আৰু এয়া এক ভব্য মন্দিৰ হ’ব।

news18
Updated:April 21, 2019, 12:44 PM IST
বাবৰি মছজিদ আমিয়েই ভাঙিছিলো, এতিয়া ৰাম মন্দিৰ নিৰ্মাণ কৰিম! প্ৰজ্ঞা ঠাকুৰলৈ আকৌ নিৰ্বাচন আয়োগৰ জাননী
ভূপালৰ বিজেপি প্ৰত্যাশী সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ আকৌ এক মহাবিতৰ্কিত মন্তব্যক লৈ দেশ তোলপাৰ লাগিছে। শণিবাৰে সংবাদমাধ্যমৰ আগত এক সাক্ষাৎকাৰত প্ৰজ্ঞা ঠাকুৰৰ মন্তব্য ৰাম মন্দিৰ নিশ্চিত ৰূপত নিৰ্মাণ হ’বই আৰু এয়া এক ভব্য মন্দিৰ হ’ব।
news18
Updated: April 21, 2019, 12:44 PM IST
ভূপালৰ বিজেপি প্ৰত্যাশী সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ আকৌ এক মহাবিতৰ্কিত মন্তব্যক লৈ দেশ তোলপাৰ লাগিছে। শণিবাৰে সংবাদমাধ্যমৰ আগত এক সাক্ষাৎকাৰত প্ৰজ্ঞা ঠাকুৰৰ মন্তব্য ৰাম মন্দিৰ নিশ্চিত ৰূপত নিৰ্মাণ হ’বই আৰু এয়া এক ভব্য মন্দিৰ হ’ব। ৰাম মন্দিৰ নিৰ্মাণৰ সময়সীমা সন্দৰ্ভত প্ৰশ্ন কৰোতে প্ৰজ্ঞা ঠাকুৰে কয়,
আমি ৰাম মন্দিৰ নিৰ্মাণ কৰিমেই, আমিতো তাত থকা স্তুপ (বাবৰি মছজিদ) ধ্বংস কৰিবলৈও গৈছিলো।
বাবৰি মছজিদ ধ্বংস সন্দৰ্ভত সাধ্বী প্ৰজ্ঞা ঠাকুৰে উল্লেখ কৰি মছজিদটোৰ ওপৰত উঠি ধ্বংস কৰাতো তেওঁ আগভাগ লৈছিল।
মই স্তুপৰ ওপৰত উঠি ভাঙিছিলো। মই গৰ্বিত ঈশ্বৰে এই সুযোগ আৰু শক্তি দিলে আৰু মই এই কাম কৰিলো। এতিয়া ৰাম মন্দিৰ তাতে নিৰ্মাণ হ’ব।
নিৰ্বাচনী আয়োগে সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ এই মন্তব্যৰ পিছতে তেওঁলৈ নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ জাননী জাৰী কৰিছে। লগতে আয়োগে বাৰ্তা দিছে যে, বাৰে বাৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি থাকিলে আৰু অপমানজনক ভাষ্য প্ৰদান কৰি থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।

ইয়াৰ পূৰ্বে সাধ্বী প্ৰজ্ঞাই ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ ছহীদ এটিএছ মুৰব্বী হেমন্ত কাৰকাৰেৰ সন্দৰ্ভত কু–মন্তব্য কৰিছিল। তেওঁৰ শাওৰ ফলতহে হেমন্ত কাৰকাৰেৰ মৃত্যু হোৱাৰ দাবী কৰিছিল প্ৰজ্ঞা ঠাকুৰে। বিজেপিয়েও আনকি এই মন্তব্য সন্দৰ্ভত প্ৰজ্ঞা ঠাকুৰৰ সমৰ্থন কৰা নাছিল। চৌদিশে সমালোচনা হোৱাৰ পিছত তেওঁ ক্ষমা বিচাৰিলে কিন্তু নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰজ্ঞা ঠাকুৰে পুনৰ বাবৰি মছজিদৰ প্ৰসংগ উত্থাপন কৰি নিৰ্বাচনী বতাহ গৰম কৰি তুলিলে।
আৰু চাওক পৰৱৰ্তী বাতৰি