এহাল বৃদ্ধ দম্পতী, বিগত ২০১৯ চনৰ জুলাই মাহত ৰে'ল দুৰ্ঘটনাত মৃত্যু হয় তেওঁলোকৰ একমাত্ৰ পুত্ৰ অনিন্দ্য দত্তৰ। সন্তান হেৰুৱাই আৱেগিকভাৱে ভাঙি পৰিছিল দত্ত দম্পতী। নিসংগতা আৰু পুত্ৰক হেৰুৱাৰ আৱেগিক যন্ত্ৰণা অতিক্ৰম কৰি বৃদ্ধ দম্পতীহালে অৱশেষত যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল।
উল্লেখযোগ্য যে যমজ সন্তানৰ পিতৃ তপন দত্তৰ বয়স ৭০ বছৰ আৰু মাতৃ ৰূপা দত্তৰ বয়স বৰ্তমান ৫৪ বছৰ। দুৰ্ঘটনাত তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত দম্পতীহালে জীয়াই থাকিবলৈ পুনৰ সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লয়। কিন্তু, বয়সৰ বাবে কেইবাটাও শাৰীৰিক অসুবিধাই ইয়াত বাধাৰ সৃষ্টি কৰে।
তেতিয়াৰ পৰাই দত্ত দম্পতীয়ে বিভিন্ন প্ৰকাৰে বহু চিকিৎসকৰ সৈতে যোগাযোগ কৰে আৰু অৱশেষত হাওড়াৰ বাল্লী অঞ্চলৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰে। তাৰ পিছত ডাক্তৰৰ পৰামৰ্শ মতে চিকিৎসা আৰম্ভ হ’ল। এই বৃদ্ধ দম্পতীয়ে বুকুত আশা বান্ধিবলৈ ধৰিলে। অৱশেষত গৰ্ভধাৰণৰ পিছত ৫৪ বছৰীয়া গৰ্ভৱতী ৰূপা দত্তই কেইবাটাও শাৰীৰিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।
পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল যে প্ৰসৱৰ সময় ওচৰ চাপি অহাৰ লগে লগে চিকিৎসকজন পিছ হুহকিবলৈ ধৰিলে। তেওঁ ৰিস্ক ল’ব নোৱাৰে বুলিও অৱগত কৰিলে। হতাশ হৈ অৱশেষত দম্পতীহালে কলকাতাৰ এখন ব্যক্তিগত নাৰ্চিং হোমৰ সৈতে যোগাযোগ কৰে। তাতে চিকিৎসকৰ সহায়ত এই বৃদ্ধ দম্পতীয়ে এটি ল’ৰা আৰু এটি কন্যা শিশুৰে এহাল যমজ সন্তান জন্ম দিয়ে।
চলিত বৰ্ষৰ অক্টোবৰ মাহত তেওঁ সন্তান জন্ম দিয়ে, মাতৃ আৰু সন্তানকেইটা কিছুদিন চিকিৎসালয়ত ৰাখি শাৰীৰিক অৱস্থা নিৰীক্ষণ কৰিব লগা হয়। অৱশেষত আজিৰ দিনটোতে পিতৃ-মাতৃ যমজ সন্তানকেইটাৰ সৈতে নিজৰ ঘৰত অশোকনগৰ ককপুল নয়া সমাজলৈ আহে।

ওচৰ-চুবুৰীয়াৰ লগতে পৰিয়ালৰ আন সদস্যসকলেও পিতৃ-মাতৃৰ সৈতে যমজ সন্তানক আদৰণি জনাই ফুল ছটিয়াই শংখৰ মঙ্গলধ্বনিৰে আদৰণি জনায় আৰু ইয়াৰ জৰিয়তে দত্ত দম্পতীয়ে এনে এক আদৰ্শ দাঙি ধৰিলে যিয়ে ভৱিষ্যতে আৰু বহু নিঃসন্তান দম্পতীক আশাৰ সঞ্চাৰ কৰিব।
Published by: Subham Goswami
FIRST PUBLISHED : December 03, 2022, 02:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।