உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Burj Khalifa in Kolkata: ডুবাইৰ বুৰ্জ খলিফাৰ আৰ্হিত কলকাতাত সজালে দুৰ্গাপূজাৰ পেণ্ডেল, ফটো দেখি একাংশই কৰিলে এনে মন্তব্য

    Burj Khalifa in Kolkata: ডুবাইৰ বুৰ্জ খলিফাৰ আৰ্হিত কলকাতাত সজালে দুৰ্গাপূজাৰ পেণ্ডেল, ফটো দেখি একাংশই কৰিলে এনে মন্তব্য

    প্ৰতিবছৰে কলকাতাৰ লোকসকলে পেণ্ডেলৰ ক্ষেত্ৰত নতুন চিন্তা-চৰ্চাৰ উমান দিয়ে।

    প্ৰতিবছৰে কলকাতাৰ লোকসকলে পেণ্ডেলৰ ক্ষেত্ৰত নতুন চিন্তা-চৰ্চাৰ উমান দিয়ে।

    প্ৰতিবছৰে কলকাতাৰ লোকসকলে পেণ্ডেলৰ ক্ষেত্ৰত নতুন চিন্তা-চৰ্চাৰ উমান দিয়ে।

    • Share this:

    দুৰ্গা পূজাৰ সময়ত আন আকৰ্ষণীয় দিশৰ লগতে ইয়াৰ পেণ্ডেলৰ সাজসজ্জায়ো দৃষ্টি আকৰ্ষণ কৰে। এইবাৰো শাৰদীয় দুৰ্গা উৎসৱৰ সময়ত পশ্চিমবংগ ৰাজ্যখনে পেণ্ডেল আৰু দুৰ্গা মূৰ্তি সজোৱাৰ কাম প্ৰায় শেষ কৰিছে। প্ৰতিবছৰে কলকাতাৰ লোকসকলে পেণ্ডেলৰ ক্ষেত্ৰত নতুন চিন্তা-চৰ্চাৰ উমান দিয়ে।


    এনেক্ষেত্ৰত এইবাৰ দেখা গ'ল এক অনন্য আৰু অভিনৱ পেণ্ডেল–কলা। কলকাতাৰ শ্ৰীভূমি স্পোৰ্টিং ক্লাবে ডুবাইৰ বুৰ্জ খলিফাক পেণ্ডেলত তুলি ধৰিছে। ক্লাবটোৱে ডুবাইৰ বুৰ্জ খলিফাৰ আধাৰত লেক-টাউনত ১৪৫ ফুট উচ্চতাৰ আইকনিক পেণ্ডেল ডিজাইন কৰিছে।


    সংবাদ সংস্থা এএনআইৰ সৈতে বাৰ্তালাপ কৰি শ্ৰীভূমি স্পোৰ্টিং ক্লাবৰ সভাপতি সুজিত বসুৱে কয়, "প্ৰতিবছৰে আমি আইকনিক অট্টালিকাৰ প্ৰতিকৃতিৰ ৰূপত পেণ্ডেল নিৰ্মাণ কৰিছিলোঁ। ইয়াৰ আগতে আমি ইয়াক পেৰিছ অপেৰা, কেদাৰনাথ আৰু পুৰী মন্দিৰৰ আধাৰত পেণ্ডেল নিৰ্মাণ কৰিছিলোঁ।"


    তেওঁ জনাই যে ১৪৫ ফুট ওখ বুৰ্জ খলিফা পেণ্ডেলে নিশা ৰাজকীয় ৰূপ ধৰাৰ আশা কৰা হৈছে। ইয়াৰ নিৰ্মাণৰ বাবে প্ৰায় ২৫০ জন শ্ৰমিকক দুমাহ সময় লাগে। তেওঁ লগতে উল্লেখ কৰে যে দুৰ্গা পূজাৰ সময়ত সদায় সামাজিক কাম কৰি অহা হৈছে আৰু এই বছৰ প্ৰায় ২,০০০ লোকৰ বাবে এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। উল্লেখ্য, ক্লাবটোৱে কোভিড–১৯ প্ৰট'কল অতি কঠোৰভাৱে পালন কৰিব।


    বু্ৰ্জ খলিফা পেণ্ডেলৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া ৰাইজৰ









    উল্লেখ্য, এইবাৰ নৱৰাত্ৰি উৎসৱ ৭ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ পালন কৰা হ'ব। অষ্টমী ১৩ অক্টোবৰত হোৱাৰ লগতে দশমী ১৫ অক্টোবৰত।

    Published by:Gautam Barman
    First published: