দেশৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে ৪৫ উৰ্ধ্বৰ সকলো লোককে কোৰোণাৰ প্ৰতিষেধন টিকা প্ৰদান কৰা হৈছে যদিও বাঢ়ি অহা ৰোগীৰ সংখ্যাই চিন্তাত পেলাইছে সকলোকে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আগতীয়া সাৱধানতা অৱলম্বনৰ বাবে প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰিছে জাননী।
মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। সেইদৰে ছত্তীশগড়তো দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ফলস্বৰূপে ছত্তীশড়ৰ দুৰ্গত ৰাজ্য চৰকাৰে ল'ক ডাউন ঘোষণা কৰিছে।
আনহাতে মাহাৰাষ্ট্ৰৰ পুনে চহৰত ১২ ঘণ্টীয়া সান্ধ্য আইন জাৰি কৰিছে। সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে বাহাল থাকিব। কিন্তু ইয়াৰ মাজতো হোম ডেলিভাৰীৰ অনুমতি থাকিব। আগন্তুক এসপ্তাহলৈকে এই নিয়ম বলবৎ হৈ থাকিব। ইয়াৰ উপৰিও আগন্তুক এসপ্তাহলৈকে পুণেত ধৰ্মীয়স্থান, হোটেল, বাৰ, শ্বপিং মল আৰু চিনেমাগৃহ বন্ধ থাকিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 02, 2021, 17:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।