ঝাৰখণ্ডৰ দুমকাত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ, অসমৰ এজন জোৱান শ্বহীদ

সংঘৰ্ষত SSBৰ এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন ৪জন জোৱান আহত। আহত জোৱানকেইজন হাস্পতালত চিকিত্সাধীন। ইয়াৰে এজন জোৱানক সংকটজনক অৱস্থাত ৰাঞ্চীলৈ প্ৰেৰণ কৰা হৈছে।

news18assam
Updated:June 2, 2019, 2:43 PM IST
ঝাৰখণ্ডৰ দুমকাত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ, অসমৰ এজন জোৱান শ্বহীদ
ফাইল ফটো
news18assam
Updated: June 2, 2019, 2:43 PM IST
ঝাৰখণ্ডৰ দুমকাত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ। ঘটনাত SSBৰ এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন ৪জন জোৱান আহত হয়। আহত জোৱানকেইজনক চিকিৎসাৰ বাবে সদৰ হাস্পতাললৈ লৈ যোৱা হয়। ইয়াৰে এজন জোৱানক সংকটজনক অৱস্থাত ৰাঞ্চীলৈ প্ৰেৰণ কৰা হৈছে। শ্বহীদ জোৱানজন অসমৰ নীৰজ ছেত্ৰী।

ৰানেশ্বৰ থানাৰ কটহলিয়া গাঁৱৰ জংঘলৰ সমীপত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে খবৰ পাইছিল যে ১২ৰ পৰা ১৫জন মাওবাদী ৰানেশ্বৰৰ জংঘলত আশ্ৰয় লৈছিল।

আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু SSB–এ যুটীয়া অভিযান চলাইছিল। পুৱতি নিশা ৪ বজাত আৰক্ষী আৰু মাওবাদীৰ মুখামুখি হৈছিল। আৰক্ষীক দেখা মাত্ৰকেই মাওবাদীয়ে গুলী চলাবলৈ আৰম্ভ কৰিছিল। আৰক্ষীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিছিল। এই ঘটনাত SSBৰ ৫জন জোৱান আহত হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি