কোৰোণা! আত্মীয় আহিব নোৱাৰাত ইছলামধৰ্মী লোকে ধৰিলে চাঙী, ‘ৰাম নাম সত্য’ গাই শ্মশানলৈ নি কৰিলে সৎকাৰ

News18 Assam | News18-Assam
Updated:March 30, 2020, 10:24 AM IST
কোৰোণা! আত্মীয় আহিব নোৱাৰাত ইছলামধৰ্মী লোকে ধৰিলে চাঙী, ‘ৰাম নাম সত্য’ গাই শ্মশানলৈ নি কৰিলে সৎকাৰ
সাম্প্ৰদায়িক সম্প্ৰীতিৰ এই অনন্য নিদৰ্শন দেখিবলৈ পোৱা গ’ল বুলন্দচহৰত। ২১দিনৰ লকডাউনৰ কাৰণে ব্যক্তিজনৰ আত্মীয় আহি উপস্থিত হ’ব পৰা নাছিল আৰু সেয়ে প্ৰতিৱেশীয়ে সম্পূৰ্ণ হিন্দু ৰীতি–নীতিৰে ব্যক্তিজনৰ অন্তিম সৎকাৰ কৰিলে। 

সাম্প্ৰদায়িক সম্প্ৰীতিৰ এই অনন্য নিদৰ্শন দেখিবলৈ পোৱা গ’ল বুলন্দচহৰত। ২১দিনৰ লকডাউনৰ কাৰণে ব্যক্তিজনৰ আত্মীয় আহি উপস্থিত হ’ব পৰা নাছিল আৰু সেয়ে প্ৰতিৱেশীয়ে সম্পূৰ্ণ হিন্দু ৰীতি–নীতিৰে ব্যক্তিজনৰ অন্তিম সৎকাৰ কৰিলে। 

  • Share this:
সমগ্ৰ দেশত কোৰোণা ভাইৰাছৰ আতংক। লকডাউনৰ কাৰণে মানুহে ঘৰৰ পৰা ওলাবলৈ শংকাত ভুগিছে। লকডাউনৰ নীতি–নিয়মৰ কাৰণে সীমিত সমাৱেশৰ অনুমতি থকাৰ পিছতো ভয়তে বহু লোক বাহিৰলৈ ওলোৱা নাই। মৃত্যুৰ পিছত চাঙী ধৰিবলৈও চাৰিজন মানুহ পোৱা টান। এনেকুৱা এক সংকটৰ সৃষ্টি হয় উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ এটা চুবুৰীত। মানৱ ধৰ্মৰ উৎকৃষ্ট নিদৰ্শন তুলি ধৰি ইয়াত ইছলামধৰ্মী একাংশ লোকে দিলে হিন্দু–মুছলমান একতাৰ পৰিচয়।

বুলন্দচহৰৰ আনন্দ বিহাৰৰ বাসিন্দা দৰিদ্ৰ ৰবিশংকৰ বাস কৰিছিল এক ইছলামধৰ্মীয় লোকৰ বসতি প্ৰধান অঞ্চলত। শণিবাৰে তেওঁৰ মৃত্যুৰ পিছত পুত্ৰই আত্মীয়, বন্ধু আৰু ওচৰে–পাজৰে থকা লোকসকলক পিতৃৰ মৃত্যুৰ খবৰ দিয়ে কিন্তু কোনো আহি উপস্থিত নহয়। মৃতদেহ শ্মশানলৈ নি সৎকাৰ কৰিব নোৱাৰাত পৰিয়ালটো বিপদত পৰে।

কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিজনৰ শণিবাৰে মৃত্যু হয়। এই খ‍বৰ পোৱাৰ পিছতো আহিব পৰা নাছিল ৰবিশংকৰৰ কোনো আত্মীয় অথবা বন্ধু। অকলশৰীয়া ব্যক্তিজনৰ মৃতদেহ সৎকাৰ নোহোৱাকৈ তেনেকৈ থকাত চুবুৰীৰ একাংশ ইছলামধৰ্মী লোকে আহি তেওঁৰ চাঙী সাজে। হিন্দু ৰীতি–নীতি মতে শ্মশানলৈ মৃতদেহ নি সৎকাৰ কৰোৱায় ইছলামধৰ্মী লোকসকলে। সংকটৰ সময়ত মানৱীয়তাৰ উত্তম নিদৰ্শন তুলি ধৰা এই ঘটনাই আহ্লাদিত কৰিছে দেশবাসীক।

কিছু সময় পিছতে ৰবিশংকৰৰ ঘৰত চুবুৰীৰ একাংশ ইছলামধৰ্মী লোক উপস্থিত হৈ পৰিয়ালটোক আশ্বাস দিয়ে। ইছলামধৰ্মী লোকসকলে চাঙী সাজে, কান্ধত তুলি নি কালী নদীৰ পাৰৰ শ্মশানলৈ লৈ যায়। তেওঁলোকে চাঙী লৈ যাওঁতে ‘ৰাম নাম সত্য হ্যে’ গাই গৈছিল।

ইছলামধৰ্মী লোকসকলে সৎকাৰৰ সকলো কাম সম্পন্ন কৰোৱায়। ৰবি শংকৰৰ পুত্ৰই মুখাগ্নি কৰে। এই সময়তো তেওঁলোক লগত থাকে। শ্মশানত সকলো কাম শেষ কৰাৰ পিছত তেওঁলোক ৰবি শংকৰৰ পুত্ৰৰ সৈতে উভতি আহে। শোকাকুল পৰিয়ালটোক এই বিপদৰ সময়ত সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস দিয়ে ইছলাম ধৰ্মী লোকসকলে। 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading