• Home
  • »
  • News
  • »
  • nation
  • »
  • দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজত এজনী গৰুৰে আৰম্ভ গো-গৱেষণা আৰু সংৰক্ষণ কেন্দ্ৰ, ছাত্ৰ-ছাত্ৰীক খোৱাব বিনামূলীয়া গাখীৰ!

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজত এজনী গৰুৰে আৰম্ভ গো-গৱেষণা আৰু সংৰক্ষণ কেন্দ্ৰ, ছাত্ৰ-ছাত্ৰীক খোৱাব বিনামূলীয়া গাখীৰ!

ছাত্ৰী আৱাস নিৰ্মাণ কাৰণে নিৰ্ধাৰিত ভূমিত নিৰ্মাণ কৰা এই কেন্দ্ৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া গাখীৰ আৰু দৈ। 

ছাত্ৰী আৱাস নিৰ্মাণ কাৰণে নিৰ্ধাৰিত ভূমিত নিৰ্মাণ কৰা এই কেন্দ্ৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া গাখীৰ আৰু দৈ। 

ছাত্ৰী আৱাস নিৰ্মাণ কাৰণে নিৰ্ধাৰিত ভূমিত নিৰ্মাণ কৰা এই কেন্দ্ৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া গাখীৰ আৰু দৈ। 

  • Share this:
দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দেশৰে আগশাৰীৰ কলেজ হংসৰাজ মহাবিদ্যালয়ত আৰম্ভ হৈছে গো-গৱেষণা আৰু সংৰক্ষণ কেন্দ্ৰ । নাম দিছে – 'Swami Dayananda Cow Research and Protection Centre '। মহাবিদ্যালয়ৰ চৌহদতে কেন্দ্ৰতো নিৰ্মাণৰ পৰিকল্পনা কৰিলে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই।

কৰ্তৃপক্ষই জনোৱা গৰু সম্বন্ধীয় বিভিন্ন গৱেষণাৰ লগতে কেন্দ্রটোৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া গাখীৰ আৰু দৈ যোগান ধৰা হ’ব। অৱশ্যে মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে। ছাত্ৰী আৱাসৰ কাৰণে নিৰ্ধাৰিত ভূমিত গোহালি নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধ কৰা শিক্ষাৰ্থীসকলে ।

এই সম্বন্ধে ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ এগৰাকী প্ৰতিনিধিয়ে মন্তব্য কৰি কয় – 'মহাবিদ্যালয় বন্ধ হৈ থকাৰ সময়ত মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰে কোনো ধৰণৰ আলোচনা নকৰি গোহালি নিৰ্মাণ কৰিবলৈ অগ্ৰসৰ হ’ল। ইয়াৰ প্ৰত্যুত্তৰ দি মহাবিদ্যালয়খনৰ অধ্যক্ষা ৰোমা শৰ্মাই কয় – 'কেন্দ্ৰটোত বৰ্তমান এজনী গৰু আছে আৰু কেন্দ্ৰতো গৱেষণাৰ স্বাৰ্থত খোলা হৈছে। এই কেন্দ্ৰত গোবৰৰ ওপৰত গৱেষণা কৰা হ’ব। ছাত্ৰ ছাত্ৰী সকলে এই কেন্দ্ৰৰে জড়িত হৈ গোবৰ সাৰ প্রস্তুত কৰাৰ ন-ন কৌশল আয়ত্ব কৰিবলৈ সুযোগ পাব।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি