কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা আইবি–এ জম্মু–কাশ্মীৰৰ ধৃত ডিএছপি দেৱীন্দৰ সিঙৰ গোচৰত এক বিশেষ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। দেৱীন্দৰৰ সংযোগ স্থাপন হৈছে ২০০৫চনত গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সৈতে। আইবিৰ গোপন সূত্ৰৰ মতে ২০০৫বৰ্ষত দিল্লী আৰক্ষীয়ে সাতজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল। সেই গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ ওচৰত AK-47 আৰু বৃহৎ সংখ্যক নকল নোট উদ্ধাৰ কৰা হৈছিল। ইয়াৰ লগতে পোৱা গৈছে এখন বিশেষ পত্ৰ।
কি আছে সেই পত্ৰত?
গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইজনে সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ হৈ কাম কৰা অভিযোগ আছিল। গ্ৰেপ্তাৰ হোৱা এটা সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ নাম আছিল হাজী গুলাম মইনুদ্দিন ডৰ ওৰফে জাহিদ। তাৰ ওচৰত পোৱা গৈছে এখন পত্ৰ। সেই পত্ৰখন ডিএছপি দেৱীন্দৰ সিঙে নিজৰ লেটাৰ হেডত নিজৰ হস্তাক্ষৰৰ সৈতে তেওঁক দিছিল। সেই পত্ৰত লিখা আছিল, গুলাম মইনুদ্দিন পুলৱামাৰ নিবাসী। তেওঁ সদায় নিজৰ লগত এটা পিষ্টল আৰু এটা ৱায়াৰলেছ ছেট ৰাখে। সেইকাৰণে সকলো বাহিনীক অনুৰোধ যে কোনো ধৰণৰ সোধা–পোছা নকৰাকৈ তেওঁক যাবলৈ দিয়া হওক। ক’তো তেওঁক ৰখাব নালাগে।
আইবিৰ সূত্ৰমতে গুলাম মইনুদ্দিনৰ গ্ৰেপ্তাৰৰ পিছত দিল্লী আৰক্ষীৰ দলে দেৱীন্দৰ সিঙৰ সৈতে কথা পাতি তথ্য খুজিছিল। দেৱীন্দৰ সিঙে পত্ৰখন শুদ্ধ বুলি কৈছিল। পৰৱৰ্তী সময়ত সেই নথিৰ আধাৰতে ক’ৰ্টে অভিযুক্তক যাবলৈ দিছিল।