বছৰৰ আৰম্ভণিতে সুখবৰ! দেশজুৰি আৰম্ভ হ'ব কোৰোণা ভেকচিন প্ৰয়োগৰ ড্ৰাই ৰান। অহা ২ জানুৱাৰীৰ পৰা ড্ৰাই ৰান আৰম্ভ বুলি জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।
প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৰাজধানী অঞ্চলৰ লগতে কাষৰীয়া জিলা, দুৰ্গম অঞ্চল সকলোতে আৰম্ভ হ'ব কোৰোণা ভেকচিনৰ ড্ৰাই ৰান। প্ৰতিষেধক দিয়াৰ বাবে ৰাজ্য কেইখন প্ৰস্তুত, সেয়া পৰ্যালোচনা কৰিবলৈয়ে ড্ৰাই ৰানৰ ব্যৱস্থা কৰা হ'ব। যোৱা সপ্তাহত অসমৰ লগতে পঞ্জাৱ, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশে সফল ভাবে কোৰোণাৰ প্ৰতিষেধক দিয়াৰ ড্ৰাই ৰান শেষ কৰিছে।
আজি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকে সকলো ৰাজ্যৰ স্বাস্থ্য সচিব। বৈঠকৰ পৰাই সকলো ৰাজ্যক কোৰোণাৰ টিকাকৰণ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ কোৱা হৈছে। সূত্ৰৰ খবৰ অনুসৰি, ইতিমধ্যে ৭.৫ ভেকচিনৰ ডোজ মজুত আছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। অহা সপ্তাহতে চৰকাৰে আৰু ১০ কোটি কোৰোণাৰ ভেকচিন আহিব বুলি দাবী কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|