ভয়ংকৰ! মোবাইল ফোন নিদিয়াৰ বাবে আইতাকক কৰিলে হত্যা, কটা মূৰ সঁজাই থলে ডাইনিং টেবুলত

News18 Assam | News18-Assam
Updated:October 15, 2020, 5:18 PM IST
ভয়ংকৰ! মোবাইল ফোন নিদিয়াৰ বাবে আইতাকক কৰিলে হত্যা, কটা মূৰ সঁজাই থলে ডাইনিং টেবুলত
২৪ বছৰীয়া ক্ৰিষ্টোফাৰ ডিয়াছ কিছুদিন ধৰি নিচাত মত্ত হৈ আছিল। এখন ‘rehabilitation centre’ত ৰখা হৈছিল যুৱকজনক।

২৪ বছৰীয়া ক্ৰিষ্টোফাৰ ডিয়াছ কিছুদিন ধৰি নিচাত মত্ত হৈ আছিল। এখন ‘rehabilitation centre’ত ৰখা হৈছিল যুৱকজনক।

  • Share this:
কিমান ভয়ংকৰ হ’ব পাৰে মানুহ! সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটা মোবাইল ফোনক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ বান্দ্ৰাত।

নিজৰ আইতাকক এটা মোবাইল ফোন ক্ৰয় কৰি দিবলৈ দাবী কৰিছিল নাতিয়ে। কিন্তু ক্ৰয় কৰি দিয়া নাছিল আইতাকে। ফোন ক্ৰয় কৰি নিদিয়াৰ বাবেই নাতিয়ে ডিঙি কাটি হত্যা কৰে আইতাকক। আনকি কটা মূৰ সজাই থলে ডাইনিং টেবুলত।

২৪ বছৰায়ৈ ক্ৰিষ্টোফাৰ ডিয়াছ কিছুদিন ধৰি নিছাত মত্ত হৈ আছিল। এখন‘rehabilitation centre’ত ৰখা হৈছিল যুৱকজনক। কিন্তু সোমবাৰে নিচা মুক্তি কেন্দ্ৰৰ পৰা ঘৰলৈ উভতি আহিছিল যুৱকজন। কাৰণ কেন্দ্ৰটোত ৰাখিবৰ কাৰণে প্ৰতিদিনে চিকিত্‍সাৰ খৰচ দিবলৈ অসমৰ্থ আছিল পৰিয়ালৰ লোক।

ঘৰৰ দ্বিতীয় মহলাত বাস কৰে যুৱকজনৰ আইতাক। সোমবাৰে নিশা খাদ্য গ্ৰহণৰ বাবে আইতাকৰ ওচৰলৈ গৈছিল যুৱকজন। আৰু তেতিয়াই আইতাকক এটা নতুন ফোন ক্ৰয় কৰি দিবলৈ দাবী কৰে যুৱকজনে। কিন্তু যুৱকজনৰ এই দাবী পূৰণৰ বাবে আগ্ৰহ দেখুওৱা নাছিল আইতাকে। ফলত খঙত অগ্নিশৰ্মা হৈ পৰে যুৱকজন। আৰু নিশাই আইতাকক হত্যা কৰি কটা মূৰ সঁজাই থয় ডাইনিং টেবুলত।

পিছত যেতিয়া যুৱকজনৰ এজন সম্বন্ধীয় লোক ঘৰলৈ আহে, তেতিয়া ঘৰৰ চাৰিওফালে তেজ প্ৰত্যক্ষ কৰে। আৰু ডাইনিং টেবুলত দেখে আইতাকৰ কটা মূৰ। লগে লগে সম্বন্ধীয় লোকজনে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত গ্ৰেপ্তাৰ কৰে অভিযুক্তক।
Published by: Himangshu Bhuyan
First published: October 15, 2020, 5:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading