• Home
  • »
  • News
  • »
  • nation
  • »
  • Presidential Swearing-in Ceremony : আজি ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱে, চাওক সম্পূৰ্ণ কাৰ্যসূচী

Presidential Swearing-in Ceremony : আজি ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱে, চাওক সম্পূৰ্ণ কাৰ্যসূচী

দ্ৰৌপদী মুৰ্মু আদিবাসী সম্প্ৰদায়ৰ পৰা হোৱা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ব। শপত গ্ৰহণ সমাৰোহত দ্ৰৌপদী মুৰ্মুৰ পৰিয়ালো উপস্থিত থাকিব।

দ্ৰৌপদী মুৰ্মু আদিবাসী সম্প্ৰদায়ৰ পৰা হোৱা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ব। শপত গ্ৰহণ সমাৰোহত দ্ৰৌপদী মুৰ্মুৰ পৰিয়ালো উপস্থিত থাকিব।

দ্ৰৌপদী মুৰ্মু আদিবাসী সম্প্ৰদায়ৰ পৰা হোৱা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ব। শপত গ্ৰহণ সমাৰোহত দ্ৰৌপদী মুৰ্মুৰ পৰিয়ালো উপস্থিত থাকিব।

  • Share this:
আজি ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মতে, ৰাষ্ট্ৰপতি পদৰ বাবে শপতগ্ৰহণ সমাৰোহৰ আয়োজন পুৱা ১০.১৫ বজাৰ পৰা সংসদ ভৱনৰ কেন্দ্ৰীয় কক্ষত অনুষ্ঠিত হ’ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ শপত বাক্য পাঠ কৰাব।

শপত গ্ৰহণ সমাৰোহাৰ পূৰ্বে বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সংসদত উপস্থিত হ’ব। উপ–ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, মন্ত্ৰী পৰিষদৰ সদস্য, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, সংসদৰ সদস্য আৰু চৰকাৰৰ মুখ্য বিষয়া আৰু সেনা বিষয়াসকলে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে দ্ৰৌপদী মুৰ্মু আদিবাসী সম্প্ৰদায়ৰ পৰা হোৱা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ব। শপত গ্ৰহণ সমাৰোহত দ্ৰৌপদী মুৰ্মুৰ পৰিয়ালো উপস্থিত থাকিব।
শপতগ্ৰহণ সমাৰোহৰ কাৰ্যসূচী



পুৱা ৮.৩০ বজাত : নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰিব।


পুৱা ৯.২২ বজাত : নবনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকী ৰাষ্ট্ৰপতি ভৱনৰ নৰ্থ ক’ৰ্টত উপস্থিত হ’ব। তাত কাবেৰী কক্ষত উপস্থিত হ’ব য’ত বিদায়ী ৰাষ্ট্ৰপতিয়ে তেওঁক আদৰণি জনাব।


পুৱা ৯.৪২ বজাত : বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে দৰবাৰ হললৈ কাবেৰী কক্ষৰ পৰা ৰাওনা হ’ব। তাত বিদায়ী ৰাষ্ট্ৰপতি আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে গাৰ্ড অব অনাৰ দিয়া হ’ব।


পুৱা ৯.৪৯ বজাত : ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে ফ’ৰক’ৰ্টত ৰাষ্ট্ৰীয় অভিবাদন দিব। বিদায়ী ৰাষ্ট্ৰপতি কোবিন্দে অ‍ভিবাদন গ্ৰহণ কৰিব।


পুৱা ৯.৫০ বজাত : বিদায়ী ৰাষ্ট্ৰপতি কোবিন্দ আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মুৰ্মুৱে দেহৰক্ষী দলৰ সৈতে সংসদলৈ ৰাওনা হ’ব।


পুৱা ১০.০৩ বজাত : বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদ ভৱনৰ কেন্দ্ৰীয় কক্ষত উপস্থিত হ’ব।


পুৱা ১০.১৫ বজাত : দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক শপত বাক্য পাঠ কৰাব। ইয়াৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ২১ টোপৰ অভিবাদন জনোৱা হ’ব।

শপতগ্ৰহণ সমাৰোহৰ পিছৰ কাৰ্যসূচী :

পুৱা ১০.২৩ বজাত : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদক সম্বোধন কৰিব।

পুৱা ১০.৩৩ বজাত : উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিভাষণ ইংৰাজীত পাঠ কৰিব।

পুৱা ১০.৩৭ বজাত : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ পৰা প্ৰস্থান কৰিব।

পুৱা ১০.৪২ বজাত : ৰাষ্ট্ৰপতি মুৰ্মুৱে নিজৰ দেহৰক্ষী দলৰ অ‍ভিবাদন গ্ৰহণ কৰিব।

পুৱা ১০.৫৭ বজাত : ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব আৰু দুয়োগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত অভিবাদন গ্ৰহণ কৰিব।

পুৱা ১০.৫৯ বজাত : ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে নৰ্থ ক’ৰ্টৰ কাবেৰী কক্ষত উপস্থিত হ’ব।







Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি