ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। সংসদ ভৱনৰ কেন্দ্ৰীয় কক্ষত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ শপত বাক্য পাঠ কৰোৱায়।
শপত গ্ৰহণ সমাৰোহত বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ–ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্য, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, সংসদৰ সদস্য আৰু চৰকাৰৰ মুখ্য বিষয়া আৰু সেনা বিষয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে দ্ৰৌপদী মুৰ্মু আদিবাসী সম্প্ৰদায়ৰ পৰা হোৱা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি।
এতিয়ালৈকে দেশত কোনো আদিবাসী লোকে প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ চকীত উপনীত হোৱা নাছিল। যদিও দেশত কে আৰ নাৰায়ণন আৰু ৰামনাথ কোবিন্দৰ ৰূপত দুগৰাকী দলিত সম্প্ৰদায়ৰ লোকে ৰাষ্ট্ৰপতি হৈছিল।
স্বাধীনতাৰ পিছত দেশত জন্মগ্ৰহণ কৰা প্ৰথমজন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ প্ৰায় ১১ বছৰ পিছত ১৯৫৮ চনৰ ২০ জুনত দ্ৰৌপদী মুৰ্মুৰ জন্ম হৈছিল। দেশৰ এতিয়ালৈকে সকলো ৰাষ্ট্ৰপতিৰ জন্ম হৈছিল ১৯৪৭ চনৰ আগতে।
আনহাতে, দেশৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি হোৱাৰ কৃতিত্বও অৰ্জন কৰিলে দ্ৰৌপদী মুৰ্মুৱে। ১৯৭৭ চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা নীলম সঞ্জীৱ ৰেড্ডীৰ নামত দেশৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি হোৱাৰ অভিলেখ আছিল। ৰেড্ডীয়ে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ, ২ মাহ ৬ দিন। ১৯৫৮ চনৰ ২০ জুনত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মুৰ বয়স ২০২২ চনৰ ২৫ জুলাইত অৰ্থাৎ আজি কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত ৬৪ বছৰ, ১ মাহ আৰু ৮ দিন।
ইয়াৰ উপৰি এসময়ত কাউন্সিল ৰূপে ৰাজনীতিলৈ অহা এগৰাকী ব্যক্তিয়ে ভাৰতত ৰাষ্ট্ৰপতি পদত উপনীত হ’ল প্ৰথমবাৰৰ বাবে। ১৯৯৭ চনত ৰাইৰাংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলৰ হোৱাৰ লগে লগে দ্ৰৌপদী মুৰ্মুৱে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তাৰ তিনি বছৰ পিছত ২০০০ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হয়। ওড়িশাৰ বিজেডি-বিজেপি চৰকাৰতো তেওঁ দুবাৰকৈ মন্ত্ৰী পদত অধিষ্ঠিত হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 25, 2022, 10:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।