কৰ্ণাটকৰ চিত্ৰদুৰ্গত দুৰ্ঘটনাগ্ৰস্ত DRDOৰ ৰুস্তম–২ ড্ৰ’ন

শত্ৰুৰ সন্ধান কৰা, নজৰ ৰখা, সঠিক লক্ষ্যস্থান নিৰ্ণয় কৰা আদি কামত ব্যৱহাৰ হয় এই মানৱবিহীন ড্ৰ’ন।

News18-Assam
Updated:September 17, 2019, 11:35 AM IST
কৰ্ণাটকৰ চিত্ৰদুৰ্গত দুৰ্ঘটনাগ্ৰস্ত DRDOৰ ৰুস্তম–২ ড্ৰ’ন
শত্ৰুৰ সন্ধান কৰা, নজৰ ৰখা, সঠিক লক্ষ্যস্থান নিৰ্ণয় কৰা আদি কামত ব্যৱহাৰ হয় এই মানৱবিহীন ড্ৰ’ন।
News18-Assam
Updated: September 17, 2019, 11:35 AM IST
কৰ্ণাটকত দুৰ্ঘটনাত পতিত হ’ল DRDOৰ এখন ৰুস্তম–২ ড্ৰ’ন। জানিব পৰা মতে, পুৱা ৬ বজাত চিত্ৰদুৰ্গ জিলাৰ জডিচিকেনহল্লীত দুৰ্ঘটনাত পতিত হয় এই মানৱবিহীন (Unmanned Aerial Vehicle) ড্ৰ’নখন। পৰীক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় ড্ৰ’নখন। একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে এই দৃশ্য। লগে লগে ঘটনাস্থলীত উপস্থিত হয় DRDOৰ বিষয়ববীয়া।

বিগত বৰ্ষত DRDO–এ কৰ্ণাটকৰ চেলকৰে এৰ’নেটিকেল টেষ্ট ৰেঞ্জত ৰুস্তম–২ৰ সফল পৰীক্ষণ কৰা হৈছিল। এনেধৰণৰ ড্ৰ’ন সেনাৰ সহায়ৰ বাবে নিৰ্মাণ কৰা হয়। শত্ৰুৰ সন্ধান কৰা, নজৰ ৰখা, সঠিক লক্ষ্যস্থান নিৰ্ণয় কৰা আদি কামত ব্যৱহাৰ হয় এই মানৱবিহীন ড্ৰ’ন। আমেৰিকাই  সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিয়ানৰ সময়ত প্ৰায়ে এই ড্ৰ’ন ব্যৱহাৰ কৰে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি