• Home
  • »
  • News
  • »
  • nation
  • »
  • Draupadi Murmu : দেশৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত দ্ৰৌপদী মুৰ্মু কোন? মুৰ্মুৰ জীৱন, সংঘাত আৰু ৰাজনৈতিক কেৰিয়াৰৰ সবিশেষ

Draupadi Murmu : দেশৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত দ্ৰৌপদী মুৰ্মু কোন? মুৰ্মুৰ জীৱন, সংঘাত আৰু ৰাজনৈতিক কেৰিয়াৰৰ সবিশেষ

পঢ়া সম্পূৰ্ণ হোৱাৰ পিছত শিক্ষয়িত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু বহুদিন এই ক্ষেত্ৰখনত জড়িত হৈ থাকে মুৰ্মু

পঢ়া সম্পূৰ্ণ হোৱাৰ পিছত শিক্ষয়িত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু বহুদিন এই ক্ষেত্ৰখনত জড়িত হৈ থাকে মুৰ্মু

পঢ়া সম্পূৰ্ণ হোৱাৰ পিছত শিক্ষয়িত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু বহুদিন এই ক্ষেত্ৰখনত জড়িত হৈ থাকে মুৰ্মু

  • Share this:
ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ইউপিএ সমৰ্থিত যশৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় এনডিএ সমৰ্থিত প্ৰাৰ্থীগৰাকী। ১৮ জুলাইত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰপতি নিৰ্বাচন। ৰামনাথ কোবিন্দৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত এতিয়া নতুন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱে (Draupadi Murmu becomes 15th President of India)। কিন্তু আপুনি জানেনে নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু কোন? জানক দ্ৰৌপদী মুৰ্মুৰ জীৱন আৰু ৰাজনৈতিক কেৰিয়াৰৰ বিষয়ে।

দ্ৰৌপদী মুৰ্মু কোন?
ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে এনডিএ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু ওড়িশাৰ আদিবাসী মহিলা নেত্ৰী আৰু ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।

দ্ৰৌপদী মুৰ্মুৰ জীৱন পৰিচয়
দ্ৰৌপদী মুৰ্মুৰ জন্ম ওড়িশাৰ ময়ুৰভঞ্জ জিলাত ১৯৫৮ চনৰ ২০ জুনত এটা আদিবাসী পৰিয়ালত হৈছিল। তেওঁৰ পিতৃৰ নাম বিৰঞ্চী নাৰায়ণ টুডু আছিল, যি পৰম্পৰা অনুসৰি গাঁও আৰু সমাজৰ মুৰব্বী আছিল।

দ্ৰৌপদী মুৰ্মুৰ শিক্ষা
দ্ৰৌপদী মুৰ্মুৱে গৃহ জনপদৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ভুবনেশ্বৰৰ ৰামাদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পঢ়া সম্পূৰ্ণ হোৱাৰ পিছত শিক্ষয়িত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু বহুদিন এই ক্ষেত্ৰখনত জড়িত হৈ থাকে।

দ্ৰৌপদী মুৰ্মুৰ জীৱন সংঘৰ্ষ
দ্ৰৌপদী মুৰ্মুৰ বিবাহ শ্যাম চৰণ মুৰ্মুৰ সৈতে হয়। তেওঁলোকৰ দুগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ জন্ম হয়। পিছত দুয়ো পুত্ৰৰ মৃত্যু হয় আৰু স্বামীয়েও এই পৃথিৱীৰ পৰা বিদায় লয়। সন্তান আৰু স্বামী হেৰুৱা দ্ৰৌপদী মুৰ্মুৰ বাবে এক কঠিন সময় আছিল যদিও হাৰ নামানি সমাজৰ বাবে কিবা এটা কৰিবলৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল।

দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক কেৰিয়াৰ
মুৰ্মুৱে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে বিজেপিৰ সৈতে। বিজেপিত যোগদান কৰাৰ পিছত তেওঁ ১৯৯৭ চনত ৰায়ৰংপুৰ নগৰ পঞ্চায়তৰ পাৰিষদ নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু জয়লাভ কৰে। বিজেপিয়ে মুৰ্মুক দলৰ অনুসূচিত জনজাতি মৰ্চাৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পিছত ওড়িশা বিজেপি আৰু বিজু জনতা দলৰ মিত্ৰতাৰ চৰকাৰত তেওঁ ২০০০ৰ পৰা ২০০২লৈ তেওঁ বাণিজ্য আৰু পৰিবহণ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী আছিল। ২০০২ চনৰ পৰা ২০০৪ চনলৈ মীন পালন আৰু পশু শংসাধন বিকাশ ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ওড়িশাৰ ৰায়গঞ্জ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপেও নিৰ্বাচিত হয়। পিছত ২০১৫ চনৰ পৰা ২০২১ চনলৈ ঝাৰখণ্ডৰ ৰাজ্যপাল নিযুক্ত হয়। তেওঁ ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল আছিল। এতিয়া দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি ৰূপে মুৰ্মুৱে আন এক ৰাজনৈতিক জীৱন আৰম্ভ কৰিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি