ডিঙিৰ কেঞ্চাৰত আক্ৰান্ত ৰোগীৰ মাত উভতাই আনিছে এগৰাকী চিকিৎসকে, আৱিষ্কাৰ কৰিলে মাত্ৰ ৫০ টকাতে বিশেষ যন্ত্ৰ!

বাংগালুৰুৰ কেঞ্চাৰ ৰোগ বিশেষজ্ঞ ডা০ বিশাল ৰাওৱে এতিয়া মাত উভতাই দিছে ডিঙিৰ কেঞ্চাৰত আক্ৰান্তহৈ মাত হেৰুওৱা ৰোগীক

News18-Assam
Updated:August 4, 2019, 3:56 PM IST
ডিঙিৰ কেঞ্চাৰত আক্ৰান্ত ৰোগীৰ মাত উভতাই আনিছে এগৰাকী চিকিৎসকে, আৱিষ্কাৰ কৰিলে মাত্ৰ ৫০ টকাতে বিশেষ যন্ত্ৰ!
Source- The better India
News18-Assam
Updated: August 4, 2019, 3:56 PM IST
বাংগালুৰুৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডা০ বিশাল ৰাওৱে ডিঙিৰ কেঞ্চাৰত আক্ৰান্ত সকলৰ মাত উভতাই আনিবলৈ আবিষ্কাৰ কৰিছে ‘voice prosthesis’। যাৰ সহায়ত এক অস্ত্ৰোপচাৰ কৰাৰ পিছত নিজৰ মাত উভতাই পাব ৰোগীসকলে। চিকিৎসকজনে আবিষ্কাৰ কৰা বিশেষ যন্ত্ৰটোৰ মূল্য মাত্ৰ ৫০ টকা বুলি ডা০ বিশাল ৰাওৱে জানিবলৈ দিছে।

কলিকতাৰ এগৰাকী ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ব্যক্তিয়ে দুমাহ ধৰি ভালদৰে খোৱা বোৱা কৰিব পৰা নাছিল। কথা ক’ব নোৱাৰা আৰু খাদ্যবস্তু গিলিব নোৱাৰাৰ বাবে নাকেৰে পাইপ ভৰাই তেখেতক খাদ্যবস্তু যোগান ধৰা হৈছিল। সেইদৰে লোকজনৰ আৰ্থিক দুৰৱস্থাৰ বাবেও তেওঁ প্ৰযোজনীয় চিকিৎসাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছিল। তেতিয়া কলিকতাৰ এজন চিকিৎসকে ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত লোকজনক বাংগালুৰুৰ এগৰাকী শল্য চিকিৎসকৰ ওচৰত চিকিৎসা ল’বলৈ পৰামৰ্শ দিছিল। পিছত কলিকতাৰ চিকিৎসক জনৰ পৰামৰ্শমতে ৰোগীজনে বাংগালুৰুৰ সেই শল্য চিকিৎসকজনক লগ ধৰে আৰু নিজৰ চিকিৎসা আৰম্ভ কৰে। চিকিৎসাৰ সময়ত মাত্ৰ পাঁচ মিনিটৰ এক অস্ত্ৰোপচাৰ কৰাৰ পিছত ৰোগীজনে কথা ক’বলৈ সক্ষম হোৱাৰ লগতে খাদ্য বস্তু গিলিবও পৰা হয়।

Source- Google


ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীজনক কম সময়ৰ ভিতৰতে হেৰুওৱা মাত ঘূৰাই দিয়া চিকিৎসকজনেই আছিল কেঞ্চাৰ ৰোগ বিশেষজ্ঞ শল্য চিকিৎসক ডা০ বিশাল ৰাও।

সেইদিনা, যেতিয়া মই এটা অস্ত্ৰোপচাৰ কৰি তিনি ঘণ্টাৰ পিছত নিজৰ কোঠালৈ আহো, কলিকতাৰ সেই ৰোগীজন মোলৈ আপেক্ষা কৰি আছিল। মাক দেখি আবেগিক হৈ পৰা লোকজন মোৰ ফালে দৌৰি আহি মোক সাৱটি ধৰে, আৰু মোক কয়, ইমান সোনকালে যে তেওঁ নিজৰ মাত উভতাই পাব তেওঁ কল্পনাই কৰা নাছিল।
– এনেদৰে কয় ডা০ বিশাল ৰাওৱে

Source-Google


ডা০ ৰাও এগৰাকী কেঞ্চাৰ ৰোগ বিশেষজ্ঞ। বাংগালুৰুৰ ‘HealthCare Global (HCG) Cancer Center’ ৰ ডিঙি আৰু মূৰৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী। তেওঁ ‘Aum Voice Prosthesis’ নামৰ এক যন্ত্ৰৰ আবিষ্কাৰ কৰিছিল, যাৰ সহায়ত ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ কথা ক’ব আৰু খাদ্যবস্তু গিলিব নোৱাৰা ৰোগীয়ে কথা ক’বলৈ আৰু খোৱা খাদ্য গিলিবলৈ সক্ষম হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি