ষ্ট্ৰীট ফুড প্ৰায় সকলো লোকৰে প্ৰিয়। ষ্ট্ৰীট ফুডৰ সৈতে থাকে অনেক কাহিনী। বহু সময়ত এই কাহিনী খাদ্যৰ সোৱাদতকৈ অধিক মুখৰোচক হৈ পৰে। তেনে এক কাহিনী বৰ্তমান ছচিয়েল মিডিয়াত বিয়পি পৰিছে। মুম্বাইৰ ৰাজপথত এনে এগৰাকী খাদ্য বিক্ৰেতা পোৱা গৈছে যাৰ নামৰ আগত উজ্জ্বল ‘ডক্টৰ’ পৰিচয়! ঘৰত বনোৱা খাদ্য তেওঁ বিক্ৰী কৰিছে পথৰ দাঁতিৰ দোকানত।
কিন্তু কিয় ‘ডক্টৰ’ পৰিচয় সত্ত্বেও পথৰ দাঁতিত খাদ্য বিক্ৰী কৰিছে? সেই উত্তৰ দিছে এগৰাকী ফুড ব্লগাৰে, তেওঁৰ ইনষ্টাগ্ৰামত। তাত জনোৱা হৈছে, ৫৫ বছৰ বয়সীয়া ডাক্তৰ সুনীতাই বিগত ৩০ বছৰ ধৰি এই দোকান চলাই আছে। সহযোগ কৰে তেওঁৰ স্বামীয়েও। ইয়াৰ বাহিৰেও সুনীতাৰ আৰু এটা পৰিচয় আছে। তেওঁ এগৰাকী নিউট্ৰিচনিষ্ট আৰু ডায়েটিচিয়ান। তেওঁৰ জীৱন দৰ্শন হ’ল, ইচ্ছা থাকিলে এজন লোকে একেলগে চাৰিটা কামো কৰিব পাৰে। সেয়ে নিজৰ পেছাৰ বাহিৰেও তেওঁ খাদ্যৰ দোকানো চলায়।
ইনষ্টাগ্ৰামত ফুড ব্লগাৰগৰাকীয়ে সুনীতাৰ দোকান আৰু দোকানত তেওঁৰ কামক লৈ লিখিছে। ভিডিঅ’ত দেখা গৈছে, তেওঁ খাদ্যভৰ্তি পাত্ৰৰ পিছফালে ৰৈ আছে। তেওঁৰ দোকানত ৪০ টকাৰ বিনিময়ত পোৱা যায় ভাত, দাইল, ৰুটি, তৰকাৰী, পুৰী, আচাৰ আৰু পাপৰ।
এগৰাকী চিকিৎসক হৈয়ো এইদৰে খাদ্য বিক্ৰী কৰাৰ দৰে কাম কৰা সুনীতাক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে। সঁচাই, ডাঃ সুনীতাৰ কথাৰে, ইচ্ছা থাকিলে চাৰিটা কামো একেলগে কৰিব পাৰি!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|