চুবুৰীয়া নাগালেণ্ডৰ মন জিলাৰ ওটিং বস্তিত আছাম ৰাইফলছৰ গুলীচালনাত ১৪ জনকৈ নিৰীহৰ মৃত্যু ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ-পুব ছাত্ৰ সন্থা চমুকৈ নেছ'ৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। সোমবাৰে যোৰহাটত এক সংবাদমেল সম্বোধন কৰি নেছ’ৰ উপদেষ্টাগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰি এই ঘটনাক জঘন্য আৰু বৰ্বৰোচিত আখ্যা দিয়ে। দেশৰেই নিৰাপত্তা বাহিনীয়ে দেশৰেই নাগৰিকক, নিৰীহ খিলঞ্জীয়াক হত্যা কৰা ঘটনাক গৰিহণা দি উচিত তদন্ত কৰি দোষীসকলক কঠোৰ শাস্তিৰ দাবী তোলে ভট্টাচাৰ্যই।
নগা ছাত্ৰ ফেডাৰেচন, সদৌ অসম ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, মণিপুৰ ছাত্ৰ সন্থা, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেচন, গাৰো ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা আৰু মিজো জিলাই পলক লৈ গঠিত উত্তৰ–পূব ছাত্ৰ সংগঠনৰ উপদেষ্টাগৰাকীয়ে কয়, উত্তৰ-পূবত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন থকাৰ বাবে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে উত্তৰ–‘‘পূৰ্বাঞ্চলৰ নিৰীহ খিলঞ্জীয়া মানুহক এনেদৰে বৰ্বৰভাৱে হত্যা কৰিব পাৰিছে। সেইবাবেই উত্তৰ–পূব ছাত্ৰ সন্থাই এই আইন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছো।’’
তেওঁ সংবাদমেলত কয় - নগালেণ্ডৰ এই ভয়ংকৰ ঘটনাৰ জৰিয়তে এটা কথাই স্পষ্ট হ'ল যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ–পূৰ্বাঞ্চলত কেতিয়াও শান্তি নিবিচাৰে। সেই কাৰণেই নগালেণ্ডত খিলঞ্জীয়া লোকক বৰ্বৰভাৱে হত্যা কৰা হ’ল।
"কেন্দ্ৰীয় চৰকাৰে এফালে উত্তৰ–পূৰ্বাঞ্চলত স্থায়ী শান্তিৰ কথা কয় আৰু এফালে খিলঞ্জীয়া মানুহক হত্যা কৰে। এই কথা আমি কেতিয়াও মানি নলও"- মন্তব্য সমুজ্জল ভট্টাচাৰ্যৰ। নগালেণ্ডৰ খিলঞ্জীয়া ৰাইজৰ লগত একেলগে থিয় দিছো বুলি কৈ উপদেষ্টাগৰাকীয়ে কয়- এই জঘন্য ঘটনাক লৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।
কোনো কাৰণতে যাতে নাগালেণ্ডৰ ৰাইজে অকলশৰীয়া অনুভৱ নকৰে, তাৰ বাবে নেছ’ৰ তৰফৰ পৰা আহ্বান জনাই কয়, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ছাত্র সংগঠনৰ মাজত এই ঘটনাক লৈ যোগাযোগ চলি আছে আৰু এয়া কেৱল নাগালেণ্ডৰ ৰাইজৰ মৰ্মবেদনা নহয়, উত্তৰ–পূৰ্বাঞ্চলৰ সাতোখন ৰাইজৰ মৰ্মবেদনা। সেয়ে আমি নাগালেণ্ডৰ ৰাইজৰ লগত একেশাৰীত থিয় হ'বলৈ আমি সংকল্প লৈছো।
ইপিনে কেন্দ্ৰীয় চৰকাৰক সকীয়নি দি উপদেষ্টাগৰাকীয়ে কয় - যি নিৰাপত্তা বাহিনীয়ে নগালেণ্ডৰ নিৰীহ খিলঞ্জীয়াক হত্যা কৰিলে, সেই নিৰাপত্তা বাহিনীৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। আৰু যেতিয়ালৈকে শাস্তি প্ৰদান নকৰে, সেই পৰ্যন্ত নেছ'ৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাইজ ক্ষান্ত নহয়।
উত্তৰ–পূৰ্বাঞ্চলত আমি শান্তি বিচাৰো বুলি কৈ ভট্টাচাৰ্যই কয়, ‘‘নগালেণ্ডৰ মন জিলাৰ ওটিং বস্তিত খিলঞ্জীয়া মানুহক কেন্দ্ৰৰ নিৰাপত্তা বাহিনীয়ে কৰা হত্যাকাণ্ডৰ প্ৰতিবাদত সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলজুৰি প্ৰতিবাদ হ’ব। এই কথা আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছো।
এই ঘটনাত যিসকল নিৰীহই প্ৰাণ হেৰুৱালে তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আহতসকলৰ আশু আৰোগ্য কামনা কৰে সমুজ্জল ভট্টাচাৰ্যই।’’
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|