কোভিড যোদ্ধাৰূপী তেনেই এগৰাকী চিকিৎসক হৈছে সঞ্জীৱন চিকিৎসালয়ৰ সঞ্চালক ডাঃ মুকুন্দ।
কোভিড যোদ্ধাৰূপী তেনেই এগৰাকী চিকিৎসক হৈছে সঞ্জীৱন চিকিৎসালয়ৰ সঞ্চালক ডাঃ মুকুন্দ।
দেশত কোৰোণাৰ দ্বিতীয় ঢৌৰ ভয়াৱহ সংক্ৰমণ। প্ৰতিদিনে এক দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, লগে লগে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও। যাৰ বাবে দেশৰ বহু অংশত ইতিমধ্যেই ঘোষণা কৰা হৈছে লকডাউন। ইপিনে দেশত কোভিড পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ উঠিছে যে কোৰোণা সংক্ৰমিত ৰোগীৰ বাবে চিকিৎসালয়ত নাই কোনো বিচনা, নাটনি হৈছে অক্সিজেনৰো। দেশত কোৰোণাৰ এই ভয়াৱহ সংক্ৰমণৰ শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ আৰু দিল্লী, দুয়োটা অঞ্চলৰ কোভিড পৰিস্থিতিয়ে অধিক চিন্তিত কৰি তুলিছে সকলোকে। কোভিড কালৰ দেশৰ এই ভাঙি পৰা স্বাস্থ্য সেৱাৰ মাজতেই ৰোগীসকলৰ জীৱন ৰক্ষা কৰিবলৈ দিনে–নিশাই সেৱা আগবঢ়াই আছে দেশৰ চিকিৎসক তথা চিকিৎসাকৰ্মী সকলে।
কোভিড যোদ্ধাৰূপী তেনেই এগৰাকী চিকিৎসক হৈছে সঞ্জীৱন চিকিৎসালয়ৰ সঞ্চালক ডাঃ মুকুন্দ। কি মানসিক পৰিস্থিতি, কেনেদৰে তেওঁ সম্প্ৰতি কোভিড ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াই আছে, সেই কথা শুনিলে আপুনিও আচৰিত হ'ব। কোভিড যোদ্ধা চিকিৎসকগৰাকীৰ পৰিয়ালৰ অধিকাংশ লোকেই সংক্ৰমিত হৈছে মহামাৰী কৰোণাত। এফালে যদি কোভিড আক্ৰান্ত হৈ মৃত্যু হৈছে পিতৃৰ, আনফালে আকৌ মাতৃ আৰু ভাতৃয়ে সম্প্ৰতিও চিকিৎসালয়ত যুঁজ দি আছে কোৰোণা সৈতে। ইয়াৰ মাজতো কিন্তু দেশৰ পৰিস্থিতি দেখি নিজক শক্তিশালী কৰি ডাঃ মুকুন্দই প্ৰতিদিনে চিকিৎসালয়লৈ আহি কোভিড ৰোগীসকলক চিকিৎসা আগবঢ়াইছে। এই সম্পৰ্কত মুম্বাইৰ চিকিৎসক ডাঃ মুকুন্দই কয় এনেদৰে, "এই মুহূৰ্তত দেশৰ অৱস্থা অতি সংকটজনক। আমি এই জটিল সময়ত আৰাম কৰিব নোৱাৰো।"
পিতৃৰ মৃ্ত্যুৰ তিনিটা দিনৰ পিছতেই নিজৰ দায়িত্ব পালনৰ বাবে চিকিৎসালয়লৈ উভতি অহা চিকিৎসক মুকুন্দই কয়, "মই বিগত বহু সময় ধৰি কোভিড ৰোগীৰ চিকিৎসা সৈতে জড়িত হৈ আছো। তেনেস্থলত মই সকলো পৰিস্থিতি দেখিছো। স্বাস্থ্য কৰ্মীসকলৰ বাবে প্ৰতিগৰাকী ৰোগীক চোৱাটো কেতিয়াবা বহু ডাঙৰ সমস্যা হৈ পৰে, সেয়েহে মই দেউতাৰ মৃত্যুৰ তিনিটা দিনৰ পিছতেই কামলৈ উভতিছো। ইয়াৰ দ্বাৰা মই মোৰ দেউতাৰ বাবে ভাল কাম কৰিম। মোৰ মা আৰু ভাতৃ কোভিড আক্ৰান্ত হৈ বৰ্তমানেও চিকিৎসালয়ত আছে।"
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|