আজি মিছাইল মানৱ ড০ এ পি জে আব্দুল কালামৰ জন্মদিন, তিনি সেনাৰ মুৰব্বীয়ে জনালে শ্ৰদ্ধাঞ্জলি

DRDO ভৱনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সেনাপ্ৰধান বিপিন ৰাৱট, বায়ুসেনাৰ মুৰব্বী চীফ এয়াৰ মাৰ্শ্বাল আৰ কে এছ ভদোৰীয়া আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ড০ কালামলৈ।

News18-Assam
Updated:October 15, 2019, 11:27 AM IST
আজি মিছাইল মানৱ ড০ এ পি জে আব্দুল কালামৰ জন্মদিন, তিনি সেনাৰ মুৰব্বীয়ে জনালে শ্ৰদ্ধাঞ্জলি
DRDO ভৱনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সেনাপ্ৰধান বিপিন ৰাৱট, বায়ুসেনাৰ মুৰব্বী চীফ এয়াৰ মাৰ্শ্বাল আৰ কে এছ ভদোৰীয়া আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ড০ কালামলৈ।
News18-Assam
Updated: October 15, 2019, 11:27 AM IST
আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মানৱ ড০ এ পি জে আব্দুল কালামৰ জন্মদিন। বিজ্ঞানীগৰাকীৰ ওপজা দিনটোত দিল্লীত শ্ৰদ্ধাঞ্জলি জনালে স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ প্ৰধানে। DRDO ভৱনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সেনাপ্ৰধান বিপিন ৰাৱট, বায়ুসেনাৰ মুৰব্বী চীফ এয়াৰ মাৰ্শ্বাল আৰ কে এছ ভদোৰীয়া আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ড০ কালামলৈ।

এই অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয় যে প্ৰয়োজনীয় প্ৰযুক্তিয়ে ভাৰতক অধিক সুৰক্ষা প্ৰদান কৰিছে। এয়া প্ৰয়োজন অনুসৰি হোৱা উচিত। আমি আমাৰ প্ৰতিৰক্ষা সেৱা আৰু চোৰাংচোৱা সংস্থাসমূহৰ সৈতে মিলি আমাক কি প্ৰয়োজন তাক লৈ এক কঠিন মূল্যায়ন কৰিব লাগিব।

ডোভালে কয় যে আধুনিক বিশ্বত, প্ৰযুক্তি আৰু টকাই ভৌগোলিক ৰাজনীতিত প্ৰভাৱ পেলাব। কোন জিকিব, সেয়া নিৰ্ভৰ কৰিব প্ৰযুক্তি আৰু টকাৰ ওপৰত। এইক্ষেত্ৰত প্ৰযুক্তি অধিক প্ৰয়োজনীয়।



এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় – ড০ কালামৰ ৮৮সংখ্যক জন্মজয়ন্তীত শ্ৰদ্ধা নিবেদিছো। গৱেষণা আৰু মিছাইল বিকাশৰ ক্ষেত্ৰত তেওঁৰ অৱদানে ভাৰতক দেশীয় শক্তিৰ বাবে পৰিচিত দেশৰ তালিকাভুক্ত কৰিলে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি