ব্যক্তিয়ে সাধাৰণ জনতাক প্ৰতাৰণা কৰি ম’বাইল টাৱাৰ স্থাপনৰ নামত মাহেকীয়া মোটা অংকৰ ভাড়া প্ৰদান আদি প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহ কৰে।
ব্যক্তিয়ে সাধাৰণ জনতাক প্ৰতাৰণা কৰি ম’বাইল টাৱাৰ স্থাপনৰ নামত মাহেকীয়া মোটা অংকৰ ভাড়া প্ৰদান আদি প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহ কৰে।
ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ টেলিকমিউনিকেশ্যন বিভাগে ম’বাইল টাৱাৰ স্থাপন সম্পৰ্কীয় প্ৰৱঞ্চনা সন্দৰ্ভত ৰাজহুৱা পৰামৰ্শ জাৰি কৰিছে। টেলিকমিউনিকেশ্যন বিভাগ (DoT)ৰ দৃষ্টিগোচৰ হৈছে যে একাংশ অসাধু কোম্পানী , এজেন্সী, ব্যক্তিয়ে সাধাৰণ জনতাক প্ৰতাৰণা কৰি ম’বাইল টাৱাৰ স্থাপনৰ নামত মাহেকীয়া মোটা অংকৰ ভাড়া প্ৰদান আদি প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহ কৰে।
এই সন্দৰ্ভত বৃহত্তৰ ৰাইজক ইয়াৰ জৰিয়তে জনোৱা হৈছে যে
১. ম’বাইল টাৱাৰ স্থাপনৰ বাবে চৌহদ লিজত / ভাড়া লোৱা কাৰ্যত টেলিকমিউনিকেশ্যন বিভাগ (DoT) / টিআৰএআই প্ৰত্যক্ষ বা পৰোক্ষভাৱেও জড়িত নহয়।
২. ম’বাইল টাৱাৰ স্থাপনৰ বাবে টেলিকমিউনিকেশ্যন বিভাগ (DoT) / টিআৰএআই বা ইয়াৰ বিষয়াসকলে কোনো ধৰণৰ “ন’ অবজেকশ্যন চাৰ্টিফিকেট” প্ৰদান নকৰে।
৩. ম’বাইল টাৱাৰ স্থাপনৰ বাবে অনুমোদিত টেলিকম সেৱা প্ৰদানকাৰী (TSP) আৰু আন্তঃগাঁথনি প্ৰদানকাৰী (IP-1) সমূহৰ আপডেট কৰা তালিকা টেলিকমিউনিকেশ্যন বিভাগ (DoT) ৰ ৱেবছাইট যথা https://dot.gov.in আৰু https://dot.gov.in/infrastructure-provider ত উপলব্ধ।
৪. ইয়াৰ জৰিয়তে কোনো কোম্পানী / এজেন্সী / ব্যক্তিয়ে ম’বাইল টাৱাৰ স্থাপনৰ বাবে ধন বিচৰাৰ ক্ষেত্ৰত জনসাধাৰণক অধিক সাৱধান হ'বলৈ আৰু তেনে কোম্পানীৰ নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰিবলৈ সতৰ্ক কৰা হৈছে। টিএছপি আৰু আইপি-১ ৰ সংস্থাই তেওঁলোকৰ সদস্যসকলে ম’বাইল টাৱাৰ স্থাপনৰ বাবে ধন নিবিচাৰে বুলি নিশ্চিত কৰিছে।
৫. সদাশয় লোকে এনে কোনো প্ৰৱঞ্চনামূলক কাৰ্যকলাপ প্ৰত্যক্ষ কৰিলে তেওঁ স্থানীয় আৰক্ষী কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰিব পাৰে।
৬. ইয়াৰোপৰি টেলিকমিউনিকেশ্যন বিভাগ (DoT) ৰ স্থানীয় ক্ষেত্ৰ ইউনিটসমূহৰ সৈতেও যোগাযোগ কৰিব পাৰি যাৰ যোগাযোগৰ সবিশেষ বিভাগটোৰ ৱেবছাইট যথাঃ https://dot.gov.in/relatedlinks/director-general-telecom ত উপলব্ধ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|