‘আমাৰ লগত লাগি নল’ব, আঁতৰি থাকক’-KRKক অন্তিম সকীয়নি হানচাল মেহতা আৰু মনোজ বাজপেয়ীৰ, পিছে কিয়?

‘এতিয়া আৰম্ভ হ’ব যুদ্ধ’- ক’লে মনোজ বাজপেয়ীয়ে
‘এতিয়া আৰম্ভ হ’ব যুদ্ধ’- ক’লে মনোজ বাজপেয়ীয়ে
- News18 Assam
- Last Updated: July 5, 2020, 1:57 PM IST
Milap this parasite Krk deserves to be shamed and punished. He has repeatedly said nasty things about so many people particularly about Sushant and now he is trying to deflect. What is more shameful that this abusive scum is still patronized and followed by industry people. https://t.co/YyPnyzmOqq
— Hansal Mehta (@mehtahansal) July 3, 2020
দৰাচলতে এই বিবাদৰ আৰম্ভণী ছবি পৰিচালক মিলাপ জাভেৰীৰ এটা টুইটক লৈ হৈছিল। য’ত মিলাপে কে আৰ কেক টেগ কৰিছিল এটা বিশেষ ভিডিঅ’। মিলাপে লগতে কৈছিল যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পূৰ্বে কে আৰ কেই প্ৰথমে সুশান্তক ফ্লপ অভিনেতা বুলি অভিহিত কৰিছিল। কিন্তু মৃত্যুৰ পিছত ঘৰিয়ালৰ চকুপানী টুকিছিল।
মিলাপ জাভেৰীৰ এই টুইটত হানচল মেহতাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘কে আৰ কেক শাস্তি দিব লাগে। কে আৰ কেক ফিল্ম ইণ্ডাষ্ট্ৰীৰ একাংশই ব্যৱহাৰ কৰে। ইয়াৰ উত্তৰত কে আৰ কেই কয় যে, ‘হানচল আৰু মনোজৰ ওপৰত মই ৰিভিউ দিম। তেওঁলোকৰ বাবে এয়াই প্ৰাপ্য। কিন্তু তেওঁলোকে যেন এই ৰিভিউ’ শুনোতে কাণত হেডফোন লগাই লয়!’
Don't you dare mess with me. I will not take any slander or abuse lying down. Your bullying will not work with me. Your filth can neither make nor break me. Stay away. Consider this a warning. https://t.co/98XXybWKmx
— Hansal Mehta (@mehtahansal) July 4, 2020
আৰু কে আৰ কেৰ এনে ধৰণৰ আপত্তিজনক কথা শুনি জাঙুৰ খাই উঠে ছবি পৰিচালক হানচল মেহতা। মেহতাই লগে লগে প্ৰত্যুত্তৰত কয় যে, ‘ তুমি মোৰ সৈতে লাগি নলবা। তোমাৰ গালি, ভাবুকিক ভয় কৰা মানুহ মই নহয়। তোমাৰ দাদাগিৰি মোৰ লগত নচলিব। মোৰ পৰা আঁতৰত থাকা।’

এতিয়া হানচল মেহতাই এই টুইটক সম্পৰ্থন জনাইছে জনপ্ৰিয় অভিনেতা মনোজবাজপেয়ীয়ে। টুইটাৰত লিখে যে, ‘এতিয়া এনে এখন যুদ্ধ আৰম্ভ হ’ব, লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত এই যুঁজ অব্যাহত থাকিব।’