মই আৱৰ্জনাৰ বাহিৰে একো নহয়, ডায়েৰীত লিখি আত্মহত্যা আইআইটিৰ ছাত্ৰৰ

মানসিক অৱসাদৰ কৰুণ পৰিণতি।

News18
Updated:July 3, 2019, 4:46 PM IST
মই আৱৰ্জনাৰ বাহিৰে একো নহয়, ডায়েৰীত লিখি আত্মহত্যা আইআইটিৰ ছাত্ৰৰ
ফটো উৎসঃফেচবুক
News18
Updated: July 3, 2019, 4:46 PM IST
হায়দৰাবাদ: হোষ্টেলৰ ফেনত চিপ লৈ আত্মহত্যা কৰিলে হায়দৰাবাদ আইআইটিৰ এজন ছাত্ৰই। মঙলবাৰে আৰক্ষীয়ে ৰূমৰ পৰা উদ্ধাৰ কৰে ছাত্ৰজনৰ মৃতদেহ। হায়দৰাবাদ আইআইটিত এইটো দ্বিতীয়টো আত্মহত্যাৰ ঘটনা।

আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি সোমবাৰে নিশা মাৰ্ক এণ্ড্ৰু চাৰ্লছ নামৰ ২০বছৰীয়া ছাত্ৰজনে আত্মহত্যা কৰে। মঙলবাৰে শ্ৰেণীকক্ষলৈ ছাত্ৰজন নহাত তেওঁৰ বন্ধুয়ে দুপৰীয়াৰ ভাগত ঘৰৰ দৰ্জা ভাঙি ফেনত ওলমি থকা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে।

উত্তৰ প্ৰদেশৰ বাৰানসীৰ নাৰিয়া লংকা নিবাসী এণ্ড্ৰু–এ ডিজাইনিঙত স্নাতকোত্তৰ কৰিছিল। তেওঁৰ ডায়েৰীৰ পৰা এখন ছুইছাইড নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই নোটত লিখা আছিল কোনোদিনে ভবা নাছিলো তোমালোক সকলোকে ইমান আঘাত দিম, মোক মনত নাৰাখিবা। মই ইয়াৰ যোগ্য নহয়। কেৱল জানো যে মোক তোমালোকে যিমান ভালপোৱা মইও তোমালোকক সিমানেই ভালপাওঁ। বন্ধুয়ে তাকেই কৰা উচিত নহয় জানো? কোনো দুখত মই আত্মহত্যা কৰা নাই।

ছুইছাইড নোটত একাংশ বন্ধুৰ নামো উল্লেখ কৰিছে এন্ড্ৰুয়ে। আৰক্ষীয়ে প্ৰাথমিকভাৱে উৎকণ্ঠা তথা অৱসাদৰ কাৰণেই এন্ড্ৰুৱে আত্মহত্যা কৰাৰ আশংকা কৰিছে।

গুৱাহাটী আইআইটিত মেধাৱী ছাত্ৰ–ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই মাজে মাজে শিৰোনাম দখল কৰি আহিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি