আপুনি গাড়ী চলাওতে খিৰিকীৰ গ্লাছ খুলি থয় নেকি? ভয়ংকৰ বিপদ আহিব পাৰে আপোনাৰ জীৱনলৈ!

বিজ্ঞানীসকলে বিশ্বৰ দহখন নগৰত নাগৰিকসকলে সেৱন কৰি অহা বায়ু প্ৰদূষকবোৰৰ ওপৰত বিস্তৃত গৱেষণা চলায়।
বিজ্ঞানীসকলে বিশ্বৰ দহখন নগৰত নাগৰিকসকলে সেৱন কৰি অহা বায়ু প্ৰদূষকবোৰৰ ওপৰত বিস্তৃত গৱেষণা চলায়।
- News18 Assam
- Last Updated: August 30, 2020, 2:59 PM IST
বিজ্ঞানীসকলে বিশ্বৰ দহখন নগৰত নাগৰিকসকলে সেৱন কৰি অহা বায়ু প্ৰদূষকবোৰৰ ওপৰত বিস্তৃত গৱেষণা চলায়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ এই নগৰসমূহৰ ভিতৰত আছে ঢাকা, চেন্নাই, গুৱাঞ্জহো, চাও পাওলো, কাইৰো, চুলেইমানিয়া আৰু আদিছ আবাবা।
বিজ্ঞানীৰ দলটোৱে গাড়ীসমূহৰ ভিতৰত নগৰৰ ব্যস্ততা পূৰ্ণ সময়ত PM 2.5 আৰু PM10ৰ দৰে বায়ু প্ৰদূষকসমূহৰ মাত্ৰাৰ জোখ লয়। ইয়াৰ জৰিয়তে বায়ুমণ্ডলত থকা সুক্ষ্ম প্ৰদূষকসমূহৰ পৰিমাণৰ বিষয়েও জানিব পৰা যায়। গৱেষকৰ দলটোৱে এই নগৰসমূহত দিনটোৰ কম ভিৰ থকা সময়তো প্ৰদূষকসমূহৰ তথ্য সংগ্ৰহ কৰে। গৱেষকৰ দলটোৱে এই প্ৰদূষকসমূহৰ মাত্ৰাৰ ওপৰত গাড়ীৰ ভিতৰত ফেন চলালে বা খিৰিকীৰ গ্লাছ খুলি থলে কি প্ৰভাৱ পৰে সেয়া নিৰ্ণয় কৰাৰ চেষ্টা কৰে।
আনহাতে, খিৰিকী বন্ধ কৰি গাড়ীৰ ভিতৰত Re-circulation system চলাই ৰাখিলে এনে প্ৰদূষণৰ পৰা ৮০% সকাহ লাভ কৰিব পাৰি বুলি গৱেষণাটোত প্ৰকাশ। গাড়ীৰ ভিতৰত থকা car cabin filter সমূহে এনে প্ৰদূষণ ৰোধ কৰাত ভাল কাম কৰে যদিও সুক্ষ্ম প্ৰদূষক কণিকাসমূহৰ ক্ষেত্ৰত কিন্তু ই বিশেষ কাৰ্যকৰী নহয়। সেয়েহে গাড়ীৰ ভিতৰত অধিক কাৰ্যক্ষম ফিল্টাৰ লগাবলৈ পৰামৰ্শ দিছে দলটোৱে। কিন্তু এই সমস্যাৰ পৰা হাত সাৰিবলৈ আটাইতকৈ ফলপ্ৰসূ উপায় ৰূপে বিবেচিত হৈছে গাড়ীৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু অধিক হাৰত সেউজ গাড়ীৰ ব্যৱহাৰ কৰাটো।