সৱৰমতী আশ্ৰমত মহাত্মা গান্ধীক স্মৰণ ড’নাল্ড ট্ৰাম্পৰ, যঁতৰত সূতা কাটিলে মেলানিয়া ট্ৰাম্পে

বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে সৱৰমতী আশ্ৰমলৈ আহিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী
বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে সৱৰমতী আশ্ৰমলৈ আহিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী
- News18 Assam
- Last Updated: February 24, 2020, 1:12 PM IST
বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে পত্নী মেলানিয়াৰ সৈতে ড’নাল্ড ট্ৰাম্প গ’ল সৱৰমতী আশ্ৰমলৈ। যাত্ৰাকালত পথৰ দুয়োকাষে সহস্ৰাধিক জনতাই সম্ভাষণ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক। প্ৰদৰ্শিত কৰা হ’ল বহু লোক নৃত্য।
সৱৰমতী আশ্ৰমত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মহাত্মা গান্ধীৰ ফটোত মাল্যৰ্পণ কৰে। সৱৰমতী আশ্ৰমতে যঁতৰত সূতা কটাৰ চেষ্টা কৰিলে ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পে।

আশ্ৰমৰ টোকা বহীত স্বাক্ষৰো কৰো ড’নাল্ড ট্ৰাম্পে। প্ৰায় ২০ মিনিট সময় সৱৰমতী আশ্ৰমত কটোৱা ট্ৰাম্প দম্পত্তিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুজাই দিলে যঁতৰত সূতা কটা আৰু মহাত্মা গান্ধীৰ দৰ্শন সম্পৰ্কে।