মুখ্যপৃষ্ঠা »খবৰ »দেশ »Donkey Milk: মহাৰাষ্ট্ৰৰ উমাৰ্গা চহৰত ১ লিটাৰ গাধৰ গাখীৰ বিক্ৰী হৈছে ১০,০০০ টকাত, কিয় ইমান মূল্যৱান এই গাখীৰ

Donkey Milk: মহাৰাষ্ট্ৰৰ উমাৰ্গা চহৰত ১ লিটাৰ গাধৰ গাখীৰ বিক্ৰী হৈছে ১০,০০০ টকাত, কিয় ইমান মূল্যৱান এই গাখীৰ

পশুধন বিকাশ বিষয়া ডাঃ দত্তাত্ৰয়া ইংগোলে সংবাদ মাধ্যমক জনোৱা অনুসৰি হৃদৰোগ, সংক্ৰামক ৰোগ, যকৃত সম্পৰ্কীয় ৰোগ, জ্বৰ আৰু হাপানীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় গাধৰ গাখীৰ।

পশুধন বিকাশ বিষয়া ডাঃ দত্তাত্ৰয়া ইংগোলে সংবাদ মাধ্যমক জনোৱা অনুসৰি হৃদৰোগ, সংক্ৰামক ৰোগ, যকৃত সম্পৰ্কীয় ৰোগ, জ্বৰ আৰু হাপানীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় গাধৰ গাখীৰ।

পশুধন বিকাশ বিষয়া ডাঃ দত্তাত্ৰয়া ইংগোলে সংবাদ মাধ্যমক জনোৱা অনুসৰি হৃদৰোগ, সংক্ৰামক ৰোগ, যকৃত সম্পৰ্কীয় ৰোগ, জ্বৰ আৰু হাপানীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় গাধৰ গাখীৰ।

  • Share this:

গাধৰ গাখীৰ। ১ লিটাৰ গাধৰ গাখীৰ বিক্ৰী হৈছে ১০,০০০ টকাত। মহাৰাষ্ট্ৰৰ উমাৰ্গা চহৰত গাধৰ গাখীৰ প্ৰতি লিটাৰত ১০,০০০ টকাত বিক্ৰী কৰি থকা প্ৰত্যক্ষ কৰা গৈছে।


স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে,  দহজন ব্যৱসায়ীয়ে বৰ্তমান উক্ত চহৰত গাধৰ গাখীৰ বিক্ৰী কৰি আছে, ঘৰে ঘৰে গৈ ১০ মিলিলিটাৰ গাধৰ গাখীৰৰ বাবে ১০০ টকাকৈ লয় তেওঁলোকে।


গাধৰ গাখীৰ কিয় ইমান ব্যয়বহুল?


গাধৰ গাখীৰত থকা বেক্টেৰিয়াৰ প্ৰায় ৮০ শতাংশ হৈছে লেক্টিক এচিড বেক্টেৰিয়া, যি পাকস্থলীৰ বিকাৰ প্ৰতিহত কৰাত সহায় কৰে। পশুধন বিকাশ বিষয়া ডাঃ দত্তাত্ৰয়া ইংগোলে সংবাদ মাধ্যমক জনোৱা অনুসৰি হৃদৰোগ, সংক্ৰামক ৰোগ, যকৃত সম্পৰ্কীয় ৰোগ, জ্বৰ আৰু হাপানীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় গাধৰ গাখীৰ, ফলত গাধৰ গাখীৰৰ চাহিদা আৰু মূল্য বৃদ্ধি পাইছে। উল্লেখ্য এবছৰ আগেয়ে এগৰাকী গাধ পালকে গাধৰ গাখীৰ প্ৰতি লিটাৰত প্ৰায় ৫,০০০ টকাত বিক্ৰী কৰি থকা বুলি জানিব পৰা গৈছিল।


যদিও গৰু আৰু ছাগলীৰ গাখীৰ প্ৰ'টিনসমৃদ্ধ, গাধৰ গাখীৰত ভিটামিন আৰু খনিজ পদাৰ্থসহ ট্ৰেছ উপাদান সমৃদ্ধ বুলি জনা যায়। গাধৰ গাখীৰ গৰুৰ গাখীৰতকৈ কম এলাৰ্জেনিক আৰু মানুহৰ গাখীৰৰ সমপৰ্যায়ৰ, সেয়েহে গাধৰ গাখীৰ কেঁচুৱাক খুওৱা হয়। ইয়াৰ উপৰিও গাধৰ গাখীৰত সাধাৰণতে আন প্ৰকাৰৰ গাখীৰত পোৱা খাদ্যবাহিত বীজাণু নাথাকে।


গাধৰ গাখীৰ কেৱল ইয়াৰ স্বাস্থ্যৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰা নহয়, লগতে প্ৰসাধনৰ এক উপাদান আৰু ছালৰ হাইড্ৰেচনৰ বাবে ইয়াৰ সুনাম আছে। এক অধ্যয়ন অনুসৰি ইয়াক ছালৰ সৌন্দৰ্য ৰক্ষা কৰা পাউডাৰলৈ ৰূপান্তৰ কৰিবলৈ হিমায়িত কৰিব পাৰি।


ভাৰতত গাধৰ গাখীৰ কিমান জনপ্ৰিয়?


হেল্থলাইনৰ মতে, গাধৰ গাখীৰক এক বিশেষ সামগ্ৰী বুলি গণ্য কৰা হয়, কিয়নো এটা গাধই দৈনিক কেৱল এক লিটাৰ গাখীৰ দিব পাৰে। যদিও ভাৰতত বহুলভাৱে এই গাখীৰ উপলব্ধ নহয়, ইয়াক দৈ আৰু চীজত, গুৰি কৰা ৰূপত আৰু কিছুমান আমদানি কৰা চকলেটত পোৱা যায়। সমগ্ৰ ইউৰোপত গাধৰ গাখীৰ জনপ্ৰিয়, ইটালীত গাধৰ গাখীৰক চিকিৎসাজনিত খাদ্যৰ তালিকাত ৰখা হয়।

শেহতীয়া বাতৰি