কোহলীৰ, শচীনৰ পৰা ভাংৰা নৃত্য, DDLJলৈকে...ড’নাল্ড ট্ৰাম্পৰ ভাষণ শুনি ম’টেৰা ষ্টেডিয়ামত ৰাইজৰ হৰ্ষোল্লাস

News18 Assam | News18-Assam
Updated:February 24, 2020, 3:54 PM IST
কোহলীৰ, শচীনৰ পৰা ভাংৰা নৃত্য, DDLJলৈকে...ড’নাল্ড ট্ৰাম্পৰ ভাষণ শুনি ম’টেৰা ষ্টেডিয়ামত ৰাইজৰ হৰ্ষোল্লাস
‘নমস্তে ট্ৰাম্প’– হাজাৰ হাজাৰ লোকে সম্ভাষণ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক। ম’টেৰা ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি ড’নাল্ড ট্ৰাম্পৰ ভাষণ।

‘নমস্তে ট্ৰাম্প’– হাজাৰ হাজাৰ লোকে সম্ভাষণ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক। ম’টেৰা ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি ড’নাল্ড ট্ৰাম্পৰ ভাষণ।

  • Share this:
‘নমস্তে ট্ৰাম্প’–হাজাৰ হাজাৰ লোকে সম্ভাষণ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক। ম’টেৰা ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি ড’নাল্ড ট্ৰাম্পৰ ভাষণ।

ভাষণৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে বহু কেইটা দিশত মন্তব্য আগবঢ়ায়–

‘২০০০ত কৈও অধিক ছবি নিৰ্মাণেৰে বলীউড আজি বিশ্বৰ ভিতৰতে অনন্য। সমগ্ৰ বিশ্ববাসী আজি বলীউডৰ প্ৰেমত। দিলৱালে দুলহ্যনীয়া লে জায়েংগে, Sholay ছবিৰ কথা কোনো নাজানে। কোনে নাজানে ভাংৰা নৃত্যৰ কথা। আপোনালোকৰ আছে শচীন টেণ্ডুলকাৰ, বিৰাট কোহলীৰ দৰে ক্ৰিকেটাৰ।’



‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেৱল গুজৰাটৰে গৌৰৱ নহয়। ত্যাগ আৰু কষ্টৰ প্ৰতীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।’

ভাৰতৰ সৈতে সম্পৰ্ক অধিক কটকটীয়া কৰিবলৈ মই আহিছো। বিচাৰিছো, ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক অধিক মজবুত হওক। ভাৰত আমাৰ প্ৰধান সামৰিক সহযোগী হোৱাটো বিচাৰিছো। যুটীয়া সামৰিক অনুশীলনৰ জৰিয়তে দুয়োখন দেশ এই দিশত আগবাঢ়ি যাব। কাইলৈ আমি তিনি বিলিয়ন ডলাৰৰ এখন সামৰিক চুক্তিত স্বাক্ষৰ কৰিম।’



‘ইছলামিক সন্ত্ৰাসবাদ মুক্ত কৰিবলৈ দুয়োখন দেশে একেলগে  আগবাঢ়িম। মোৰ কাৰ্যকালতে আমেৰিকাৰ মিলিটেৰী ফ’ৰ্চক ISIS সন্ত্ৰাসবাদীক ধ্বংস কৰিবলৈ সৰ্বাধিক ক্ষমতা দিয়া হৈছে।’

‘দুয়োখন দেশৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ আমি বহু যোগান্তকাৰী পদক্ষেপ ল’বলৈ আগবাঢ়িছো। বাণিজ্যিক চুক্তি স্বাক্ষৰেৰে দুয়োখন দেশ লাভান্বিত হ’ব।’

‘মহাকাশ গৱেষণাতো দুয়োখন দেশ একেলগে আগবাঢ়িব।আমেৰিকাই এই ক্ষেত্ৰত ভাৰতৰ পৰা সহযোগিতা বিচাৰিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি