আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণলৈ মাজত মাত্ৰ দুদিন। ট্ৰাম্পক আদৰিবলৈ এতিয়া ব্যাপক তৎপৰতা গুজৰাটত। কেৱল গুজৰাটত ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব’ৰ আয়োজনত ব্যস্ত সহস্ৰাধিক চৰকাৰী কৰ্মচাৰী।
ট্ৰাম্প আৰু তেওঁৰ পৰিয়ালক ভাৰতীয় খাদ্য সোণ আৰু ৰূপৰ পাত্ৰত দিয়াৰ ব্যৱস্থা কৰা হৈছে। সোণৰ থালত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়ালক পুৱাৰ লগতে দুপৰীয়া আৰু নিশাৰ আহাৰ যোগান ধৰিব বুলি জানিব পৰা হৈছে। জয়পুৰৰ বিখ্যাত ডিজাইনাৰ অৰুণ পাবুৱালে ইতিমধ্যে ট্ৰাম আৰু পৰিয়ালে ব্যৱহাৰ কৰিব লগীয়া এনে কিছু সামগ্ৰীৰ ডিজাইন কৰিছে।
সোণৰ পাত্ৰ এতিয়া দিল্লীলৈয়ো পঠিওৱা হৈছে। দিল্লীতো ডনাল্ড ট্ৰাম্প, তেখেতৰ পত্নী আৰু জী–জোঁৱাইক সোণৰ পাত্ৰতে খাদ্য যোগান ধৰা হ’ব। উল্লেখযোগ্য যে, অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে আহমেদাবাদৰ বিখ্যাত মোটেৰা ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক অনুষ্ঠানত ভাগ লোৱাৰ পিছত দিল্লীলৈ যাব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বিমান বন্দৰৰ পৰা মোটেৰা ষ্টেডিয়ামলৈ যোৱা পথৰ দুয়োফালে এতিয়া ৰোপন কৰা হৈছে ভিন্নৰঙী সৌন্দৰ্যবৰ্ধক ফুলৰ গছ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 22, 2020, 15:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।