যদি আপুনি কুকুৰ ভাল পায় তেন্তে আপুনি এই ভিডিঅ'টো বহুত পচন্দ কৰিব। অনলাইনত ভাইৰেল হোৱা এটা ভিডিঅ’ত দিল্লীৰ এখন মেট্ৰ’ ষ্টেচনত এটা কুকুৰক চিআইএছএফ কৰ্মীৰ সৈতে যোগাভ্যাস কৰা দেখা গৈছে। ভিডিঅ’টো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু মানুহে খুব আঁকোৱালি লৈছে।