‘নিৰ্ভয়া’ৰ অৱস্থা দেখি অবাক হৈ পৰিছিল চিকিৎসক ডাঃ বিপুল কণ্ডৱাল, কেইবাদিনলৈও ওলোৱা নাছিল মুখৰ মাত

News18 Assam | News18-Assam
Updated:January 8, 2020, 3:16 PM IST
‘নিৰ্ভয়া’ৰ অৱস্থা দেখি অবাক হৈ পৰিছিল চিকিৎসক ডাঃ বিপুল কণ্ডৱাল, কেইবাদিনলৈও ওলোৱা নাছিল মুখৰ মাত
চিকিৎসক কণ্ডৱালে কয় যে নিৰ্ভয়াৰ সৈতে নৃশংসতাৰ সকলো সীমা পাৰ কৰিছিল নৰপিশাচকেইটাই।

চিকিৎসক কণ্ডৱালে কয় যে নিৰ্ভয়াৰ সৈতে নৃশংসতাৰ সকলো সীমা পাৰ কৰিছিল নৰপিশাচকেইটাই।

  • Share this:
দিল্লীৰ ‘নিৰ্ভয়া’ কাণ্ডৰ চাৰি দোষীৰ বিৰুদ্ধে পাটিয়ালা হাউছ কোৰ্টে মঙলবাৰে ডেথ ৱাৰেণ্ড জাৰি কৰিছে। চাৰিওটা পাষণ্ডক ২২ জানুৱাৰীৰ পুৱা ৭ বজাত তিহাৰ জে’লত ফাঁচি দিয়া হ’ব। হিন্দুস্তান ৰ মতে, নিৰ্ভয়াৰ চিকিৎসা কৰা ছফদৰগঞ্জ হাস্পতালৰ চিকিৎসক বিপুল কণ্ডৱালে নিৰ্ভয়াৰ সৈতে হোৱা নৃশংসতাৰ কথা শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ।

চিকিৎসক কণ্ডৱালে কয় যে নিৰ্ভয়াক চিকিৎসাৰ বাবে ছফদৰগঞ্জ হাস্পতাললৈ অনা হৈছিল। তেতিয়া আপাতকালীন ৱাৰ্ডত তেওঁৰ নাইট ডিউটী আছিল। তেওঁ দেখিলে যে এখন এম্বুলেঞ্চ দ্ৰুতগতিত আহি এমাৰজেঞ্চী গে’টৰ বাহিৰত ৰৈছিল। এম্বুলেঞ্চখনৰ পৰা এজনী ছোৱালীক ততাতৈয়াকৈ এমাৰজেঞ্চী ৱাৰ্ডত ভৰ্তি কৰোৱা হয়।

কণ্ডৱালে কয় য়ে তেওঁ পৰীক্ষা কৰাৰ বাবে যুৱতীগৰাকীৰ কাষলৈ গৈছিল, কিন্তু যুৱতীগৰাকীৰ অৱস্থা দেখি তেওঁৰ মূৰে কাম নকৰা হৈ গৈছিল। বেয়া ধৰণে আঘাতপ্ৰাপ্ত আছিল যুৱতীগৰাকী। শৰীৰৰ পৰা ধাৰাসাৰে বৈ আছিল তেজ। তেজ ৰখাবলৈ শীঘ্ৰে ছাৰ্জাৰী আৰম্ভ কৰা হয়। তাৰ পিছতে বন্ধ হোৱা নাছিল তেজ, কাৰণ ভিতৰৰ অংগ বেয়াকৈ কটা গৈছিল। তেজ বন্ধ কৰিবলৈ ডাঙৰ ছাৰ্জাৰীৰ প্ৰয়োজন আছিল। বহু চিকিৎসাৰ অন্ততো স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাছিল। পিছত উন্নত চিকিৎসাৰ বাবে বিদেশলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল।

চিকিৎসক কণ্ডৱালে কয় যে নিৰ্ভয়াৰ সৈতে নৃশংসতাৰ সকলো সীমা পাৰ কৰিছিল নৰপিশাচকেইটাই। মই মোৰ জীৱনত এতিয়ালৈ ইমান বৰ্বৰ আৰু নৃশংস ঘটনা দেখা নাই। নিৰ্ভয়াক লোহাৰ ৰডেৰে কেইবাস্থানতো আঘাত কৰা হৈছিল। যাৰ ফলত শৰীৰৰ ভিতৰৰ অন্ত্ৰ কটা গৈছিল। তেওঁ কয় যে স্বাস্থ্যৰ অৱনতি ঘটনাত হায়াৰ চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছিল। পিছত এয়াৰ এম্বুলেঞ্চেৰে ছিংগাপুৰলৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু তাৰ পিছতো জীৱন ৰক্ষা নপৰিল।

চিকিৎসকজনে কয় যে পাটিয়ালা হাউ কোৰ্টে মঙলবাৰে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক ডেথ ৱাৰেণ্ট জাৰি কৰাৰ সিদ্ধান্তত অত্যন্ত সুখী। তেওঁ কয় যে এনেকুৱা লাগিছে যেন মোৰ মূৰৰ ওপৰত বছৰ বছৰ ধৰি থকা এটা বোজা পাতল হৈ গৈছে। এতিয়া নিৰ্ভয়াৰ জীৱন ৰক্ষা কৰিব নোৱাৰাৰ অনুশোচনাই দগ্ধ কৰে চিকিৎসক কণ্ডৱালক।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি