ITBPৰ পশু চিকিৎসকৰ সফল অস্ত্ৰোপচাৰ, জীৱন দান দিলে ফেঁটী সাপৰ

আঘাতপ্ৰাপ্ত পোৱালী সাপ ডাল উদ্ধাৰ কৰি অভিনৱ পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰে ITBPৰ পশু চিকিৎসকে
আঘাতপ্ৰাপ্ত পোৱালী সাপ ডাল উদ্ধাৰ কৰি অভিনৱ পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰে ITBPৰ পশু চিকিৎসকে
- News18 Assam
- Last Updated: December 23, 2020, 4:36 PM IST
নিৰাপত্তা সংস্থাটোৱে জনোৱা মতে, আজি কিছুদিনৰ আগতে পৃষ্ঠ ভাগ দীঘলীয়াকৈ কটাৰ ফলত বিষত ককবকাই থকা এডাল পোৱালি ফেঁটী উদ্ধাৰ কৰে ITBPৰ জোৱানে । তেওঁলোকে সাপ ডাল চণ্ডীগড়ৰ পৰা ২৬ কিলোমিটাৰ নিলগৰ ভানু নামৰ ঠাই ডোখৰত থকা ITBPৰ অধীনস্থ National Centre for Dogsলৈ আহে । ইয়াতে আৰম্ভ পশু চিকিৎসকৰ কুচকাৱাজ ।
ITBPৰ পশু চিকিৎসকে পোনতে সাপ ডালক anesthesia প্ৰদান কৰি অস্ত্ৰোপচাৰ আৰম্ভ কৰে । অতি অভিনৱ পদ্ধতিৰে সাপ ডালৰ কাটি যোৱা অংশ জোৰা লগোৱা হয় । তাৰ পাছত ১৫ দিন পর্যন্ত antibiotics প্ৰদান কৰি সাপ ডাল নিৰীক্ষণ কৰা হয় । ITBPয়ে জনোৱা মতে, সাপ ডাল সুস্থ হৈ উঠাৰ পিছত এতিয়া পুনৰ বনত এৰি দিয়া হৈছে ।